স্বামী আছিল কেন্দ্ৰীয় মন্ত্ৰী, পিছলৈ অসমৰ মুখ্যমন্ত্ৰী৷ সেইমতে পুত্ৰও হ’লগৈ সাংসদ৷ শেষত হ’ল APCCৰ সভাপতি৷ কিন্তু পূৰ্বৰ দৰে নীৰৱ হৈ থাকিল ডলী গগৈ৷ তৰুণ গগৈ ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তো অসমৰ ৰাইজে ডলী গগৈৰ মাতেই নুশুনিলে৷ একেদৰে গৌৰৱ গগৈক লৈ ৰাজনৈতিক চৰ্চা তুংগত উঠা সময়তো বেলতলাৰ অজন্তা পথৰ ঘৰতে মনে মনে সোমাই আছে মাতৃ ডলী গগৈ৷
ছ’চিয়েল মিডিয়াতো ডলী গগৈৰ একাউণ্ট নাই৷ আন ৰাজনৈতিক নেতাৰ পত্নীৰ দৰে নাই কোনো ফেন ক্লাব৷ তেওঁৰ ৰাজনীতিৰ বিষয়েও নাই বিশেষ জ্ঞান৷ দীঘলীয়া কেৰিয়াৰত তৰুণ গগৈৰ ছাঁটোৰ দৰেই থাকিলেও ডলী গগৈক সচৰাচৰ ৰাজীৱ ভৱনতো দেখা নগ’ল৷ এতিয়া পুত্ৰৰ অভিষেকৰ সময়ত উপস্থিত নাথাকিল ডলী গগৈ৷
এতিয়াৰ ৰাজনৈতিক নেতাৰ পত্নীও স্বামীৰ সমানেই ক্ষমতাশালী৷ মিছেছ মিনিষ্টাৰ বুলিহে বহুতে সম্বোধন কৰে মন্ত্ৰীপত্নীক৷ বিধায়কৰ পত্নীৰো সমষ্টিত অগাধ প্ৰতিপত্তি৷ কিন্তু ডলী গগৈ ক্ষমতাৰ বৃত্তৰ পৰা আঁতৰি থাকিল৷ তেওঁ কাহানিও দলীয় অথবা চৰকাৰী ৰাজনীতিত অংশগ্ৰহণ নকৰিলে৷
তৰুণ গগৈৰ ১৫ বছৰীয়া মুখ্যমন্ত্ৰিত্বৰ কালত কেতিয়াও চৰকাৰী কাৰ্যসূচীত দেখা নগ’ল ডলী গগৈক৷ নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁ কেতিয়াও ভ্ৰমণ নকৰিলে৷ অথচ তেওঁৰ স্বামীয়েই আছিল অসমৰ সবাতোকৈ দীৰ্ঘসময় পদত অধিষ্ঠিত হৈ থকা মুখ্যমন্ত্ৰী৷ একেদৰে পুত্ৰৰ ক্ষমতাৰ বৃত্তৰ পৰাও দূৰত আছে ডলী গগৈ৷
পিছলৈ কিমানদূৰ সফল হয় সেয়া সময়ে নিৰ্ধাৰণ কৰিব৷ কিন্তু বৰ্তমান গৌৰৱ গগৈক কেন্দ্ৰ কৰি বিৰোধী ৰাজনীতি উত্তাল হৈ পৰিছে৷ তথাপি পূৰ্বৰ দৰে ডলী গগৈ হৈ আছে নিস্পৃহ৷ তেওঁৰ যেন ৰাজনীতিৰ প্ৰতি আগ্ৰহ নাই৷ ৰাজনৈতিক পৰিয়ালত কেৱলীয়া ভকতৰ দৰে আছে ডলী গগৈ৷
পুত্ৰক আশীৰ্বাদ দিবলৈয়ো নাহিল ডলী গগৈ
