এই পথটোলৈ চাওক
এইটো হৈছে গুৱাহাটীৰে পথ৷ যি পথ কিছুদিনৰ পূৰ্বে সম্পূৰ্ণ মসৃণ আছিল, তাত বৰ্তমান প্লাষ্টিকৰ আবৰ্জনাই দ’ম বান্ধিছে৷ অৱশ্যে তাত প্ৰকৃতিৰ দোষ নাই৷ দুৰ্গন্ধত মানুহ ৰাস্তাৰে যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷
অৱশ্যে গুৱাহাটীৰ বান লাহে লাহে শুকাইছে৷ প্ৰায় চাৰিদিন পানীৰ তলত থকা মহানগৰী বানমুক্ত হৈছে৷ কিন্তু পানী শুকুৱাৰ পিছৰ পৰিস্থিতি হৈ পৰিছে ভয়ংকৰ৷ চহৰীয়া গলিত মহামাৰী যে বিয়পিব সেয়াও এইধৰণৰ দৃশ্যই নিশ্চিত কৰিছে৷
বিগত সময়ত চহৰীয়া বাসিন্দাই নলাত পেলোৱা অজস্ৰ প্লাষ্টিকৰ বটল বানত উঠি আহি পথৰ মাজত পৰিছেহি৷ প্লাষ্টিকৰ আবৰ্জনাই নৰ্দমাৰ পৰা ওলাই পথত দ’ম বান্ধিছে৷ সেইবোৰ পৰিষ্কাৰ কৰিবলৈ জেচিবি ব্যৱহাৰ কৰিবলগীয়া হৈছে পৌৰ কৰ্তৃপক্ষই৷
মানৱসৃষ্ট প্ৰদূষণেই যে গুৱাহাটীৰ বানৰ অন্যতম কাৰণ সেয়াও দেখুৱাই দিছে এই পৰিস্থিতিয়ে৷ প্ৰমাণিত হৈছে গুৱাহাটীয়ে কেতিয়াও ধাৰ পৰিশোধ নকৰাকৈ নাথাকে৷ অন্যায় কৰি গুৱাহাটীক কৰা অত্যাচাৰৰ বাবে প্ৰতিজন বাসিন্দাই পৰিণাম ভোগ কৰিব লাগিবই৷
গুৱাহাটী যে অভিমানী নাৰীৰ দৰে সেয়াও প্ৰতিপন্ন কৰি দিছে শেহতীয়া প্ৰলয়ে৷ অভিমানী নাৰীৰ দৰে গুৱাহাটীয়ে ওভতাই দিছে অত্যাচাৰী চহৰীয়া বাসিন্দাৰ অন্যায় উপহাৰ৷ ভৱিষ্যতে আকৌ অত্যাচাৰ কৰিলে পৰিস্থিতি কিমান বিপজ্জনক হ’ব সেয়াও এইবাৰেই প্ৰতিপন্ন হৈছে৷ গতিকে সাৱধান গুৱাহটীয়া৷
গুৱাহাটীয়ে ওভতাই দিলে চহৰীয়াৰ উপহাৰ
