ডিভ’ৰ্চ নহ’লগৈ, কথমপি সংসাৰখন থাকিল
মহিলাগৰাকীয়ে অৱশ্যে স্বামীক বেয়া নাপায়৷ তেওঁক স্বামীয়ে কোনোদিনে অত্যাচাৰো কৰা নাই৷ তথাপি তেওঁ ডিভ’ৰ্চৰ সিদ্ধান্ত লৈছিল৷ যদি এইবাৰো RCBয়ে IPLৰ খিতাপ জয় কৰিব নোৱাৰে তেন্তে সুখৰ সংসাৰখন ভাঙি পেলাব বুলি ঘোষণা কৰিছিল অচিনাকী মহিলাগৰাকীয়ে৷
তেওঁ খেলৰ সময়তে ষ্টেডিয়ামত প্ৰদৰ্শন কৰিছিল বিশেষ প্লে’-কাৰ্ড৷ য’ত লিখা আছিল- এইবাৰো RCB চেম্পিয়ন নহ’লে মই ডিভ’ৰ্চ কৰিম! অৱশ্যে তেওঁৰ ডিভ’ৰ্চৰ সৈতে RCBৰ কি সম্পৰ্ক আছে বুলি প্ৰশ্ন সুধিছিল নেটিজেনে৷ তাৰ পিছতো সিদ্ধান্তত অটল হৈ আছিল মহিলাগৰাকী৷
তেওঁ ভাবিছিল- বিৰাট কোহলিয়ে IPLৰ খিতাপ জয় কৰিব নোৱাৰিলে সংসাৰ কৰি লাভ নাই৷ কিন্তু কোনোমতে তেওঁলোকৰ সংসাৰখন বাহাল থাকিল৷ তেওঁৰ নহ’ল ডিভ’ৰ্চ৷ কাৰণ ১৮ বছৰৰ পিছত এইবাৰ বিৰাটৰ RCBয়ে জয় কৰিলে IPLৰ খিতাপ৷
এতিয়া সেই বিশেষ মহিলাগৰাকীক নেটিজেনে বিচাৰি ফুৰিছে৷ ফাইনেলত পঞ্জাব কিংছ জিকিলে ডিভ’ৰ্চৰ হুমকি দিয়া সুন্দৰী মহিলাগৰাকীৰ ভাগ্যৰ দুৱাৰ খোল খাইছে৷ RCB চেম্পিয়ন হোৱাৰ পিছতে তেওঁক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ কৰিবলৈ বিচাৰিছে কেবাটাও কোম্পানীয়ে৷
বিৰাটৰ সপোন পূৰ্ণ নহ’লে ডিভ’ৰ্চৰ ভাবুকি দিয়া সুন্দৰীক কোটিটকা দিবলৈ সাজু হৈছে স্পনছ’ৰ৷ তেওঁৰ সৈতে চুক্তি কৰিবলৈ বৰ্তমান আবেদনময়ী মহিলাক কোম্পানীয়ে বিচাৰি ফুৰিছে৷ RCBৰ বিজয়ে ফুলাইছে অচিনাকী মহিলাৰ কঁপাল৷ তেওঁৰ বাবে খাপ পিটি ৰৈ আছে স্পনছ’ৰ৷
এখন পোষ্টাৰৰ ফলত কোটি টকা উপাৰ্জন
