ছবছৰৰ ভিতৰত প্ৰথমবাৰলৈ জি-৭ সন্মিলনত অংশগ্ৰহণ নকৰে নৰেন্দ্ৰ মোদীয়ে৷ কানাডাত অনুষ্ঠিতব্য শীৰ্ষ সমাৱেশৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ লাভ কৰা নাই৷ ভাৰত জি-৭ৰ সদস্য যদিও মোদীক আয়োজক দেশে কৰা নাই নিমন্ত্ৰণ৷
সেয়ে প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ জি-৭ সন্মিলনত অংশগ্ৰহণৰ পৰা তেওঁ বিৰত থাকিব৷ এলবাৰ্টা চহৰৰ কাননাস্কিছত এই সমাৱেশ ১৫-১৭ জুনত অনুষ্ঠিত হ’ব৷ কিন্তু এতিয়ালৈ আয়োজক কানাডাই সন্মিলনৰ বাবে মোদীক নিমন্ত্ৰণ জনোৱা নাই৷
বিদেশ দপ্তৰে প্ৰকাশ কৰা অনুযায়ী নিমন্ত্ৰণ লাভ নকৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশ নলয়৷ বিগত ছবছৰে প্ৰধানমন্ত্ৰীয়ে কিন্তু জি-৭ৰ প্ৰতিখন সমাৱেশত অংশগ্ৰহণ কৰিছিল৷ কিন্তু এইবাৰ ভাৰতৰ বাবে অপমানজনকভাৱে তেওঁক নিমন্ত্ৰণ নকৰিলে কানাডাই৷
অৱশ্যে দ্বিপাক্ষিক অচলাৱস্থাৰ বাবে কানাডা চৰকাৰে মোদীক নিমন্ত্ৰণ কৰা নাই বুলি নিশ্চিত হৈছে৷ বিগত সময়ত খালিস্তানী প্ৰসংগক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত ব্যৱধান বৃদ্ধি হৈছিল৷ কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ শাসনকালত উত্তপ্ত হৈ পৰিছিল কূটনীতি৷
দেশখনত আততায়ীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা খালিস্তানী নেতাক ভাৰতেই হত্যা কৰা বুলি শীৰ্ষ চৰকাৰী পদাধিকাৰীয়ে দাবী কৰিছিল৷ ফলত দ্বিপাক্ষিক সংযোগ ক্ৰমে হৈ পৰিছিল বিঘ্নিত৷ আনহাতে কানাডাৰ শেহতীয়া নিৰ্বাচনতো পূৰ্বৰ শাসকীয় লিবাৰেল পাৰ্টীয়েই বিজয় অৰ্জন কৰিছে৷
জাষ্টিন ট্ৰুড’ প্ৰধানমন্ত্ৰী নহ’লেও একেটা দলৰে মাৰ্ক কাৰ্নি হৈছে প্ৰধানমন্ত্ৰী৷ খালিস্তানীৰ প্ৰতি সহানুভূতিশীল লিবাৰেল পাৰ্টীৰ নেতা হিচাপে কাৰ্নিয়েও ভাৰতৰ প্ৰতি বাহাল ৰাখিছে পূৰ্বৰ স্থিতি৷ আন্ত:চৰকাৰী সংস্থা জি-৭ৰ সদস্য হিচাপে ভাৰতৰ উপৰি আছে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, ইটালি, জাপান, ইংলেণ্ড আৰু কানাডা৷
উল্লিখিত সকলো ৰাষ্ট্ৰৰ মুৰব্বীয়ে জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব৷ কিন্তু ভাৰতক প্ৰকাশ্যে শত্ৰু হিচাপে ঘোষণা কৰি মোদীক নিমন্ত্ৰণ নজনালে আয়োজক ৰাষ্ট্ৰ কানাডাই৷
আকৌ অপমানিত হ’ল নৰেন্দ্ৰ মোদী
