মই কেতিয়া ওলাম বুলি ৰাউচি জোৰে সংগীতাই

মাজে মাজে বিকট শব্দৰে এটা চিঞৰ মাৰে৷ তাৰ পিছতে অচেতন হৈ যায় ডা: সংগীতা দত্ত৷
তেওঁ চিঞৰি চিঞৰি সোধে- মই কেতিয়া ওলাব পাৰিম…
আমি ক’বলৈ ওলাইছোঁ মনোৰোগ বিশেষজ্ঞ ডা: সংগীতা দত্তৰ কথা৷ চৌফলীয়া ৰ’দত তোলনীয়া সন্তানক ছাদত বান্ধি থৈ অত্যাচাৰ কৰা সংগীতা গুৱাহাটী চেণ্ট্ৰেল জে’লতে বন্দী হৈ আছে৷ কিন্তু জে’লত কাকো সুখত থাকিবলৈ দিয়া নাই সংগীতাই৷ তেওঁৰ বাবে মহিলা চেলত কাৰোৰে শান্তি নোহোৱা হৈছে৷
পূৰ্বে জে’লত প্ৰায়ে স্বামী ৱালিউল ইছলামক বিচাৰিছিল সংগীতাই৷ তেওঁৰ সৈতে একেলগে থাকিবলৈ দিয়াৰ বাবে কাকূতি কৰিছিল৷ কিন্তু জে’ল কৰ্তৃপক্ষই অনুমতি নিদিলে৷ তেতিয়াৰ পৰা আৰম্ভ হৈছিল ডা: সংগীতা দত্তৰ মানসিক ৰোগৰ চিকিৎসা৷ কিন্তু এতিয়াও টেবলেট খোৱাৰ ইচ্ছা নকৰে সংগীতাই৷
সেয়ে কোনোদিনা উন্মাদৰ দৰে আচৰণ কৰে বন্দী সংগীতাই৷ জে’লত তেওঁক ২০ বছৰ ৰাখি থোৱাৰ সপোন দেখে সংগীতাই৷ প্ৰায় কাৰাবন্দীক অদ্ভুত প্ৰশ্নও কৰে৷
অৱশ্যে চুমি বৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা সময়ত শান্ত হৈ আছিল সংগীতা৷ তেতিয়া দুয়োগৰাকী বান্ধৱীৰ দৰে হৈ পৰিছিল৷ চুমি আৰু সংগীতাই দিনটো পাতিছিল কথা৷ কিন্তু হঠাতে আকৌ উন্মাদৰ দৰে হৈ পৰিছে সংগীতা দত্ত৷ জে’লত তেওঁ বিচাৰিছে এয়াৰ কণ্ডিশ্যন৷
তেওঁক জোৰ কৰি প্ৰহৰীয়ে খুৱাই দিছে মানসিক ৰোগৰ ঔষধ৷ সংগীতাৰ মুখত সুমুৱাই টেবলেট খুৱাবলগীয়া হৈছে৷ নিশা আহাৰৰ পিছত সংগীতাক কটিয়াইছে কেবাবিধো ঔষধ৷ অন্যথা তেওঁ শুব নোৱাৰে৷ মোৰ সকলো শেষ হৈ গ’ল বুলি ৰাউচি জোৰে সংগীতা দত্তই৷
তেওঁৰ সতীৰ্থ বন্দীৰ সৈতেও নাই ভাল সম্পৰ্ক৷ জে’লত প্ৰায়ে পানীৰ বাবে সংগীতাই কাজিয়া কৰে৷ তেওঁক লাগে অতিৰিক্ত পানী৷ কিন্তু কেবাদিনো গা নোধোৱাকৈও থাকে সংগীতা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial