প্ৰফুল্ল কুমাৰ মহন্ত ক্ষমতাত থকা সময়ত দিল্লীৰ পৰা আহি APCCৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে৷ সেইসময়ত তৰুণ গগৈৰ বিৰুদ্ধে প্ৰফুল্ল মহন্তই উত্থাপন কৰিছিল আলফাৰে সম্পৰ্ক থকাৰ অভিযোগ৷ প্ৰফুল্ল মহন্তৰ অভিযোগ অনুসৰি তৰুণ গগৈয়ে বেলতলাৰ অজন্তা পথস্থিত বাসভৱনৰ লেণ্ডলাইন ফোনৰ পৰা সদায় আলফা নেতাৰ সৈতে যোগাযোগ কৰিছিল৷ কিন্তু পিছলৈ এই অভিযোগ খণ্ডন কৰিছিল তৎকালীন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানিয়ে৷ তৰুণ গগৈৰ সৈতে আলফাৰ সম্পৰ্কৰ প্ৰমাণ নাই বুলি তেওঁ দাবী কৰিছিল৷
সেইদৰে পাকিস্তানৰে সম্পৰ্কৰ অভিযোগৰ সময়ত APCCৰ সভাপতি পদত অধিষ্ঠিত হৈছে গৌৰৱ গগৈ৷ হিমন্ত বিশ্ব শৰ্মা শিলচৰত থকা সময়তে ৰাজীৱ ভৱনত প্ৰৱেশ কৰিলে গৌৰৱ গগৈয়ে৷ পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি গৌৰৱৰ ৰাজীৱ ভৱনত প্ৰৱেশ ঘটিল৷ ভূপেন বৰাৰ পৰা তেওঁ চমজি ল’লে APCCৰ কমাণ্ড৷ পিতৃৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত ৰাজনীতিত প্ৰৱেশৰ পিছত গৌৰৱে অসম প্ৰদেশ কংগ্ৰেছৰ বাঘজৰীও হস্তগত কৰিলে৷
৫০০ গাড়ীৰ কনভয়েৰে গুৱাহাটীত প্ৰৱেশ কৰা নেতাজনক বিজেপিয়ে পাকিস্তানীৰ এজেণ্ট বুলি অভিহিত কৰিছে৷ গৌৰৱে ISIৰ হৈ কাম কৰিছে বুলি অভিযোগ কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে৷ এই বিষয়ত সবিশেষ প্ৰকাশৰ বাবে তাৰিখো তেওঁ নিৰ্ধাৰণ কৰি দিছে৷ গতিকে পিতৃৰ দৰে একে অস্বস্তিৰে সন্মুখীন হৈছে গৌৰৱ৷ দেউতাকক মহন্তই আলফাৰে সম্পৰ্ক থকা বুলি অভিযুক্ত কৰিছিল, সেইদৰে গৌৰৱক হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানী এজেণ্ট বুলি দাবী কৰিছে৷
কিন্তু এনে বাদানুবাদৰ মাজতে তেওঁক গামোচা পিন্ধালে কংগ্ৰেছীয়ে৷ মিঞা নেতাক টুপী নিপিন্ধিবলৈ নিৰ্দেশ দিয়া মেছেজ ভাইৰেল হৈ পৰাৰ সময়ত গৌৰৱে দলীয় সভাপতি হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিলে৷ তেওঁক মীৰা বৰঠাকুৰ প্ৰমুখ্যে কেবাগৰাকী সতীৰ্থই সৰ্বাধিনায়কৰ চকীত বহুৱাই প্ৰদান কৰিলে নেতৃত্ব৷
পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত কংগ্ৰেছক নৱজীৱন প্ৰদানৰ অৰ্থে এতিয়া গৌৰৱৰ কান্ধত দিয়া হ’ল গধুৰ দায়িত্ব৷ বিগত সময়ত গৌৰৱৰ পিতৃয়ে ক্ষমতাৰ পৰা উৎখাত কৰিছিল অগপক৷ কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত গৌৰৱে কি কৰিব পাৰে সেয়াহে লক্ষণীয়৷
বিজেপিৰ সৈতে সন্দেহজনক কংগ্ৰেছীৰ লেটি-পেটিৰ অন্ত পৰিবনে!
