চৰকাৰক দিব নোৱাৰিলে AGR

ছিম আছে যদি প’ৰ্ট কৰাই লওক
কাৰণ এইমাহৰ পিছতে বন্ধ হৈ যাব ভ’ডাফোন৷ আইডিয়াৰ সৈতে সন্মিলিতভাৱে দেশত দূৰসংযোগ সেৱা প্ৰদান কৰা প্ৰতিষ্ঠানটো বিত্তীয় সংকটৰ সন্মুখীন হৈছে৷ সেয়ে বাধ্য হৈ অভিযান বন্ধ কৰি দিবলৈ ওলাইছে ভ’ডাফোন-আইডিয়া৷ এই বিষয়ত চৰকাৰে প্ৰত্যাখ্যান কৰিছে সহায়ৰ অনুৰোধ৷
দেশত প্ৰায় ২০ কোটি গ্ৰাহক থকা ভ’ডাফোন-আইডিয়াই এডজাষ্টেড গ্ৰছ ৰেভিনিউ হিচাপে চৰকাৰক ৩০ হাজাৰ কোটি টকা দিবলৈ আছে৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিষ্ঠানটোৱে কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰ্যালয়ক এই ধন দিবই লাগিব৷ শেহতীয়াকৈ কৰ ৰেহাই বিচাৰি ভ’ডাফোন-আইডিয়া ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল৷
কিন্তু তেওঁলোকক আদালতে সকাহ নিদিলে৷ ফলত নিৰ্ধাৰিত সময়ত ভ’ডাফোনে ৩০ হাজাৰ কোটি টকা পৰিশোধ কৰাটো বাধ্যতামূলক হৈ পৰিছে৷ কিন্তু বৰ্তমান প্ৰতিষ্ঠানটোৰ উপাৰ্জন হ্ৰাস পাইছে৷ সেয়ে ডেডলাইনৰ পূৰ্বে ধাৰ পৰিশোধ কৰাটো অসম্ভৱ হৈ পৰিছে৷
গতিকে ভ’ডাফোন-আইডিয়া কৰ্তৃপক্ষই সকাহ বিচাৰি চৰকাৰৰ শৰণাপন্ন হৈছে৷ এইবাৰলৈ কৰৰ পৰা ৰেহাই দিয়াৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিষ্ঠানটোৱে৷ বৰ্তমানলৈ এই বিষয়ে কিন্তু চৰকাৰে ইতিবাচক সঁহাৰি জনোৱা নাই৷ একালত দেশৰ সবাতোকৈ আগশাৰীৰ প্ৰতিষ্ঠানটোৱে খৰচ কমাবলৈ হ্ৰাস কৰিছে চাকৰি৷ তথাপি তেওঁলোকৰ অৱস্থা উন্নত হোৱা নাই৷
সেয়ে প্ৰায় নিশ্চিত হৈ পৰিছে ভ’ডাফোন-আইডিয়াৰ সেৱাৰ যৱনিকা৷ গতিকে শীঘ্ৰে ছিম প’ৰ্ট নকৰালে উপভোক্তাসকল বিপদৰ সন্মুখীন হোৱাটো অৱধাৰিত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial