ফেনে-ফুটুকাৰে বাঢ়ি অহা বুঢ়ীদিহিং নদীৰ প্ৰচণ্ড গৰাখহনীয়াৰ ফলত দুলীয়াজানৰ কাষৰীয়া ঊষাপুৰত এটা তৈলখাদ নদীত জাহ যায়৷ আনহাতে, একে ঠাইতে থকা ঊষাপুৰ তৈলক্ষেত্ৰৰ অন্য দুটা তৈলখাদো বুঢ়ীদিহিঙৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে৷ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঊষাপুৰৰ বুঢ়ীদিহিঙৰ কাষত থকা ইয়াৰে এন এইচ কে ২৯১ তৈলখাদটো কালি খহনীয়াই লৈ যোৱা পিছত সম্প্ৰতি নদীখনৰ মাজত সম্পূৰ্ণ উন্মুক্ত অৱস্থাত আছে৷
নৈৰ পানী বৃদ্ধি পাই থকাৰ ফলত তৈলখাদটোৰ পাইপৰ ওপৰভাগৰ প্ৰায় চাৰিফুট পাৰ্কিঙৰ সৈতে পানীৰ ওপৰত ওলাই আছে৷ ইয়াৰ পৰিপেক্ষিতত উন্মুক্ত হৈ পৰা এই তৈলখাদটোৱে যিকোনো মুহূৰ্তত সমগ্ৰ অঞ্চলটোৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই অনাৰ আশংকা আছে৷ ফলত অঞ্চলটোৰ ৰাইজে এক আতংকময় পৰিৱেশত সময় পাৰ কৰিছে৷
আনহাতে, একেখন তৈলক্ষেত্ৰৰ অধীনস্থ এন এইচ কে ৩৫৩ আৰু এন এইচ কে ৩৩৫ তৈলখাদ দুটাও বুঢ়ীদিহিঙৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে৷ মাত্ৰ কেইমিটাৰমান বাকী থকা এই দুটা তৈলখাদ দুই-এদিনৰ ভিতৰতে বুঢ়ীদিহিঙৰ প্ৰচণ্ড খহনীয়াত পৰাটো নিশ্চিত৷ উল্লেখ্য যে এসময়ত অতিকৈ চহকী তৈলক্ষেত্ৰ হিচাপে পৰিচিত ঊষাপুৰ তৈলক্ষেত্ৰৰ এই খাদসমূহৰ এক্সমাৰ্চ ট্ৰিসমূহ চোৰে কাটি লৈ যায়৷ সম্পূৰ্ণ উন্মুক্ত হৈ দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত অৱস্থাত পৰি আছে এই খাদসমূহ৷
পৰিত্যক্ত হৈ থাকিলেও সুৰক্ষাৰ ব্যৱস্থা নকৰিলে এই খাদসমূহত যিকোনো মুহূৰ্তে ভূগৰ্ভৰ পৰা ওলোৱা গেছ অথবা অন্য ভিন্ন পদাৰ্থৰে অথন্তৰ ঘটোৱাৰ আশংকা থাকে৷ তেনেক্ষেত্ৰত অইল কৰ্তৃপক্ষই তৈলক্ষেত্ৰসমূহৰ সুৰক্ষাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ ফল সময়ে সময়ে ভুগি আহিছে৷
কেইবাদিনো ধৰি চলা নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, গেলাবিল আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ নিশাটোৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে এটাৰ পিছত আনটো অঞ্চল আৰু কৃষি পথাৰ৷
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ উত্তৰাংশৰ ৰক্ষা কবচস্বৰূপ বংকুৱাল কৃষিবান্ধ আৰু নেঘেৰিটিং বংকুৱাল মথাউৰিলৈ৷ আনহাতে, বংকোৱাল কৃষিবান্ধটোৰ পাঁচটা ঠাইত বৃহৎ বৃহৎ পানীৰ উহ ওলাইছে আৰু ইয়াৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ৷
মথাউৰিটোৰ সুৰক্ষাৰ বাবে নিশাৰ পৰা গোলাঘাট জিলা প্ৰশাসন, জলসম্পদ বিভাগ, পুলিচ সকলোৱে তৎপৰ হৈ পৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই নৈপৰীয়া ৰাইজ৷ কিয়নো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত মথাউৰিটো চিঙি পেলোৱাৰ আশংকাত ভুগিছে ৰাইজ৷ অৱশ্যে যুদ্ধকালীন তৎপৰতাৰে জলসম্পদ বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱা আৰু বোকাখাত উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰমেশ কলিতাৰ তত্ত্বাৱধানত মথাউৰিৰ মেৰামতি কাম চলি আছে৷
ইফালে গোলাঘাট জিলা আয়ুক্ত পুলক গোস্বামী, অতিৰিক্ত আয়ুক্ত জেমচ আইণ্ড, বোকাখাত ৰাজহ চক্ৰ বিষয়া দেৱাহুতি ডেকা আদিকে ধৰি একাধিক দণ্ডাধীশে বংকোৱাল কৃষিবান্ধ তথা নেঘেৰিটিং বংকোৱাল মথাডৰিটো চৰজমিন তদন্ত কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷
গোলাঘাট জিলাৰ আয়ুক্ত আৰু বোকাখাতৰ চক্ৰ বিষয়াগৰাকীয়ে নেঘেৰেটিং-বংকোৱাল মথাউৰিৰ পৰা বৰবালি-কেমেৰি সংযোগী পথৰ ওপৰত থকা পকী দলংখনৰ এটা মূৰৰ মাটি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে খহাই নিয়া অংশ পৰিদৰ্শন কৰে আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড বিষয়াগৰাকীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷
গোলাঘাট জিলা প্ৰশাসন, জলসম্পদ বিভাগৰ লোকে বংকোৱাল কৃষিবান্ধৰ ওপৰত কেম্প কৰি দিনে-নিশাই তদাৰক কৰি আছে৷ ইপিনে গোলাঘাট জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগে ৰাইজক আতংকিত নহৈ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷ বোকাখাত সমজিলা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষী মোতায়ন কৰি পূৰ্ণ সহযোগিতা আগবঢ়াইছে৷
ইপিনে স্থানীয় যুৱকসকলে বস্তাৰে মাটি ভৰোৱা আদি বিভিন্ন কামত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ আনহাতে, গেলাবিল নৈৰ বাঢ়নী পানীত নাৰমাৰী জানৰ বান্ধ ছিগি বাঢ়নী পানীৰ তল গ’ল বৰোধানৰ খেতি৷ যোৱানিশা গেলাবিল নৈৰ বাঢ়নী পানীত নাৰমাৰী জানৰ বান্ধটো ছিগাৰ ফলত ৰঙামাটি মৌজাৰ নামটেমেৰা অঞ্চলৰ শ শ বিঘা বৰোধানৰ পথাৰ প্লাবিত হৈছে৷
পকা ধান, কাটি থোৱা ধানৰ মুঠি বাঢ়নী পানীত তল যোৱাত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা৷ কৃষকসকলে যি যেনেকৈ পাৰে এবুকু পানীৰ তলৰ পৰা ধানৰ মুঠি ওখ ঠাইলৈ কাঢ়িয়াইছে৷ দাৱনীসকলে পানীত পৰি ধান কটিছে৷ আনহাতে, ধনশিৰি নৈৰ বাঢ়নী পানীয়ে মহুৰা মৌজাৰ বৰাইখোৱা অঞ্চলৰ বৰোধানৰ বিস্তৰ ক্ষতিসাধন কৰিছে৷ এনেকৈ যদি পানী বাঢ়ি থাকে তেন্তে নৈপৰীয়া ৰাইজৰ বিপদ নিশ্চিত৷ চিন্তনীয় বিষয় যে বাতৰি লিখা পৰলৈকে ব্ৰহ্মপুত্ৰ, গেলাবিল আৰু ধনশিৰি নৈৰ পানী বাঢ়ি আছে৷
একেদৰে জোনাইৰ চিমেন চিচিটঙানী জিলা পৰিষদৰ অন্তৰ্গত নামনি চিচিটঙানীৰ অঞ্চলত পথ-পথাৰ বুৰাই পেলাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে৷ নামনি চিচিটঙানী গাঁও পঞ্চায়তৰ প্ৰায় ৯ খন গাঁও ৩২০ টা পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণ পানীত ডুব গৈছে৷
একাধিক ৰাজপথ, ঘৰ-দুৱাৰ, বিদ্যালয় প্ৰতিষ্ঠান ইতিমধ্যে পানীত ডুব যোৱাৰ ফলত পশুধন, খোৱাপানী আৰু থকা খোৱা সমস্যাৰ সৃষ্টি হৈছে বানপীড়িত ৰাইজৰ৷ ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত চিচিটঙানী পঞ্চায়তৰ, কাংকান চাপৰি, ৰেঙাম দলুং, মৌজা চাপৰি, চিচি চুমনি, ৰাংকপ চাপৰি, চিচি কঁঠালগুৰি, চিয়ালমৰা, উজনি মিৰিকে আদি কৰি ৯ খন গাঁৱত আজি দুই তিনিদিন ধৰি সম্পূৰ্ণৰূপে বানৰ কবলত৷
এইসকল দুভৰ্গীয়া বানপীড়িত নৈপৰীয়া ৰাইজে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ টুলুঙা নাৱৰ জৰিয়তে নিৰাপদ স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে৷ নামনি চিচিটঙানী গাঁও পঞ্চায়তৰ বানপীড়িত অঞ্চলত পথ, পথাৰ বানত জলমগ্ন হৈ পৰাৰ ফলত পশুধনৰ মাজত ভীষণ খাদ্যৰ সমস্যাই দেখা লগতে যাতায়াতৰ ক্ষেত্ৰত অবৰ্ণনীয় সমস্যাই দেখা দিছে৷
তদুপৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী স্থবিৰ হৈ আছে যদিও ধনশিৰি আৰু গেলাবিল নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত বোকাখাত বিধানসভা সমষ্টিৰ মহুৰা আৰু ৰঙামাটি মৌজাৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে৷ আজিও ন ন অঞ্চল প্লাবিত হৈছে৷ অঞ্চলটোৰ কেইবাটাও পথৰ ওপৰত বাঢ়নী পানী বাগৰি একপ্ৰকাৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ মহুৰা মৌজাৰ ৰ নং অফলাৰ উত্তৰ অংশ, কেমেৰী আৰু আলমি লাকলঙীয়া সংযোগী পথসমূহ বাঢ়নী পানীত তল যোৱাত এবুকু পানীত পৰি অথবা টুলুঙা নাৱেৰে ৰাইজে আহ-যাহ কৰিবলগা হৈছে৷
ইপিনে বৃহত্তৰ অঞ্চলটোৰ শ শ বৰোধানৰ খেতি প্ৰথমটো বাঢ়নী পানীৰে প্লাবিত কৰিছে৷ ফলত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে৷ ইপিনে একাধিক শিক্ষানুষ্ঠান বাঢ়নী পানীত তল যোৱাত পাঠদান ব্যাহত হৈ আছে৷
চৌদিশে কেৱল প্ৰলয়
