চলন্ত ৰে’লতে অভিনেত্ৰীক অত্যাচাৰ

মই ৰে’লত থিয় হৈ আছিলোঁ
তেনেতে সি মোৰ এটা স্তন খামোচ মাৰি ধৰিলে
সুন্দৰী অভিনেত্ৰী অদিতি পোহনকৰে বৰ্ণনা কৰিলে এটা বিশেষ ঘটনা৷ বক্ষপ্ৰদেশ স্পৰ্শ কৰি পাষণ্ডই চলোৱা নিৰ্যাতনৰ পিছতো তেওঁ ন্যায় লাভ নকৰিলে৷ সেয়ে দুখ প্ৰকাশ কৰিছে অদিতিয়ে৷
অভিনেত্ৰীগৰাকীয়ে আজি মুম্বাইৰ লোকেল ট্ৰেইনেৰে ভ্ৰমণ কৰিছিল৷ ছিট নথকাৰ বাবে থিয় হৈ আছিল অদিতি৷ তেতিয়া তেওঁ পিন্ধি আছিল সাধাৰণ ছেলোৱাৰ৷ কিন্তু তেতিয়াই অদিতিৰ এটা স্তন এজন কিশোৰে খামোচ মাৰি ধৰিলে৷ অদিতিয়ে স্পৰ্শ অনুভৱ কৰাৰ পিছতহে দেখিলে কামাতুৰ কিশোৰক৷
কিন্তু কেবাবাৰো অনুৰোধ কৰাৰ পিছতো অদিতিৰ স্তনৰ পৰা হাত আঁতৰাই নিনিলে কিশোৰটোৱে৷ তেতিয়া বল প্ৰয়োগ কৰিবলৈ অদিতি বাধ্য হৈ পৰিলে৷ অতৰ্কিতে খামোচ মাৰি ধৰাৰ ফলত স্তনত আঘাত পোৱা বুলি অদিতিয়ে প্ৰকাশ কৰিছে৷
পিছে এই ঘটনাৰ বিষয়ে গোচৰ দিবলৈগৈয়ো বিমুখ হ’ল অদিতি৷ অভিনেত্ৰীগৰাকীয়ে লগে লগে ৰে’লৰ পৰা নামি নিকটৱৰ্তী থানাত এই বিষয়ে অভিযোগ দাখিল কৰিছিল৷ কিন্তু তদন্ত কৰাৰ সলনি এই সন্দৰ্ভত নীৰৱ হৈ থাকিবলৈ আৰক্ষীয়ে তেওঁক নিৰ্দেশ দিলে৷
কিন্তু স্তনত ধৰাটো গুৰুতৰ অপৰাধ বুলি অভিহিত কৰিছে অদিতি পোহনকৰে৷ সেয়ে তেওঁ ন্যায়ালয়ত গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে৷ কিশোৰ হ’লেও স্তনত হাত দিয়া দুৰ্বৃত্তক ৰেহাই নিদিয়ে বুলি অদিতিয়ে ঘোষণা কৰিছে৷ তেওঁৰ পক্ষে থিয় হৈছে বলীউডৰ তাৰকা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial