মনত ৰাখক, নাম তেওঁৰ জ্যোতি
নামৰ দৰেই মানুহগৰাকীয়ে কামো কৰিলে
আন্ধাৰ বিনাশি পোহৰ বিলালে জ্যোতিয়ে
আহকচোন, বিষাক্ত সময়ত আমি শুনো এটা ভাল খবৰ
আমি উল্লেখ কৰা জ্যোতি নামৰ মহিলাগৰাকী কোনো বিশেষ ব্যক্তি নহয়৷ কিন্তু তেৱেঁই কৰিছে এটা বিশেষ কাম৷ জ্যোতি হৈছে বিশ্বনাথ চাৰিআলিৰ নাৰ্ছ৷ ৰোগীক শুশ্ৰুষা কৰাৰ বাবে নিয়োজিত জ্যোতিয়ে বুকুৰ গাখীৰ খুৱাই এটি শিশুক দিছে নৱজীৱন৷ ১০ মহীয়া সন্তানৰ মাতৃ জ্যোতিয়ে এটি অচিনাকী শিশুক দিলে জীৱনৰ সৰ্বোত্তম উপহাৰ৷
বিশ্বনাথ চাৰিআলিৰ হস্পিতেলত সৰ্পদংশনৰ বাবে এগৰাকী মহিলাক ভৰ্তি কৰোৱা হৈছিল৷ মুমুৰ্ষু অৱস্থাত চিকিৎসাধীন মহিলাগৰাকীৰ আছিল তিনিমহীয়া শিশু৷ কিন্তু সন্তানক গাখীৰ খুৱাবলৈ মহিলাগৰাকীৰ চেতনা নাছিল৷ সৰ্পৰ বিষে তেওঁৰ স্নায়ু বিকল কৰি পেলাইছিল৷
তেতিয়াই আকৌ ভোকত গগন ফালি কান্দিছিল মহিলাগৰাকীৰ সন্তানে৷ অসহায় হৈ পৰা পিতৃক জ্যোতিয়ে সুধিলে শিশুটিৰ ক্ৰন্দনৰ কথা৷ মাতৃয়ে জীৱন-মৃত্যুৰে যুঁজি থকা সময়ত শিশুটিক লৈ ব্যস্ত হৈ পৰিল নাৰ্ছ জ্যোতি৷ তেওঁ প্ৰথমে দুধদানীৰে শিশুটিক গাখীৰ খুৱাবলৈ চেষ্টা কৰিলে৷ কিন্তু কণমানি শিশুৱে দুধদানীৰে গাখীৰ নাখালে৷
তেতিয়াই চূড়ান্ত সিদ্ধান্ত ল’লে জ্যোতিয়ে৷ দেউতাকৰ অনুমতি সাপেক্ষে জ্যোতিয়ে বুকুত ভৰাই ল’লে শিশুটিক৷ ভোকে-পিয়াহে আতুৰ হৈ পৰা কণমানিক নিজৰ গাখীৰ খুৱালে জ্যোতিয়ে৷ নিজৰ ১০ মহীয়া পুত্ৰৰ দৰেই স্নেহেৰে আৱৰি ধৰি জ্যোতিয়ে অচিনাকী শিশুটিক স্তনপান কৰোৱালে৷
জ্যোতিৰ মমতাৰে উমাল হৈ পৰা শিশুটিয়েও খালে অচিনাকী মাকৰ গাখীৰ৷ তাৰ পিছতে বন্ধ হৈ গ’ল কান্দোন৷ অৱশ্যে এই কামটোক ডাঙৰ কাম বুলি ভবা নাই জ্যোতিয়ে৷ তেওঁ মাতৃ যাচিছে মাকৰ মৰম৷
গতিকে কওকচোন, কেনেকৈ ক’ব পৃথিৱীত ভাল মানুহ নোহোৱা হৈ গ’ল বুলি
পৃথিৱীখনেই দেখোন ভাল, কাৰণ এইখন পৃথিৱীতে আছে জ্যোতিৰ দৰে মাক
এইখন পৃথিৱীতে আছে জ্যোতিৰ দৰে মাতৃ
