অৱশেষত অৱসান হ’ব প্ৰতীক্ষাৰ৷ ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ বাবে বহিছে কোটিটকীয়া জুৱাৰ বজাৰ৷ ৭২ দিনৰ অপেক্ষাৰ অন্তত আজি অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত ফাইনেল৷ ইতিমধ্যে আৰম্ভ হৈছে কাউণ্ট ডাউন৷
সাজু হৈ উঠিছে দুয়োটা ফাইনেলিষ্ট দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ৷ অৱশ্যে তিনিদিনৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰি প্ৰতিদ্বন্দ্বীৰ অপেক্ষাত আছিল৷ দেওবাৰে গভীৰ নিশা অপেক্ষাৰ অন্ত পেলালে পঞ্জাব কিংছে৷ এতিয়া আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰজত পাটিদাৰৰ সৈন্যৰে মুখামুখি হ’ব শ্ৰেয়াছ আয়াৰৰ পঞ্জাবৰ যোদ্ধা৷
আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ব ক্ৰিকেটৰ মহাযজ্ঞ৷ য’ত বেট-বলৰ সমুখ সমৰৰ উন্মাদনাত বিলীন হ’ব ক্ৰিকেটপ্ৰেমী৷ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ অনুৰাগীয়ে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন৷ সেয়ে অনুৰাগীৰ মাজত চলিত আই পি এলৰ উত্তেজনা তুংগত৷
কিয়নো দুয়োটা দলে ১৮ বছৰত এবাৰো ট্ৰফী লাভ কৰিব পৰা নাই৷ এতিয়া কাইলৈ এটা দলৰ অন্ত পৰিব এই খৰাং৷ অৱশ্যে ইয়াৰ পূৰ্বে তিনিবাৰ ফাইনেলত প্ৰৱেশ কৰিছে বেংগালুৰুৱে৷
আনহাতে, ১১ বছৰ পূৰ্বে ফাইনেল খেলাৰ সোৱাদ লাভ কৰিছিল পঞ্জাবে৷ তেনেস্থলত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম একলাখতকৈ অধিক অনুৰাগীয়ে ভৰি পৰাটো নিশ্চিত৷ ইতিমধ্যে অনলাইনযোগে বিক্ৰী হৈছে ৮৫ হাজাৰ টিকট৷ তাতে কেৰিয়াৰৰ অন্তিম ক্ষণত ফাইনেলত প্ৰৱেশ কৰিছে কোহলি৷
সেয়ে চূড়ান্ত খেলখনত ১৮ নম্বৰৰ জাৰ্ছি পিন্ধা হাজাৰ হাজাৰ অনুৰাগীয়ে কোহলিক সমৰ্থন কৰিবলৈ সাজু হৈছে৷ পূৰ্বৰ নিৰাশা পাহৰি এইবাৰ আৰম্ভণিৰ পৰা শেষলৈকে ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰ চি বিয়ে৷ প্ৰথম কোৱালিফায়াৰত পঞ্জাবক 8 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল দলটোৱে৷ সেয়ে সেই প্ৰদৰ্শন পুনৰাবৃত্তি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কোহলি এণ্ড কোম্পানী৷
কোহলিয়ে ৬১৪ ৰান সংগ্ৰহ কৰি প্ৰতি বছৰৰ দৰে এইবাৰো ভাল প্ৰদৰ্শন আগবঢ়াইছে৷ এইবাৰো আৰচিবিৰ বেটিঙৰ মূল স্তম্ভ তেওঁ৷ অৱশ্যে এইবাৰ কোহলিয়ে লাভ কৰিছে আন খেলুৱৈৰো সংগ৷ তাৰকাগৰাকীক সহযোগিতা আগবঢ়াই ফিল ছেŒI× আৰ চি বিক ভাল আৰম্ভণি দিয়াৰ বিপৰীতে মায়ংক আগৰৱাল, অধিনায়ক ৰজত পাটিদাৰ আৰু জিতেশ শৰ্মা বেটিং ক্ৰমত নিৰ্ভৰযোগ্য খেলুৱৈ৷ টিম ডেভিদে আঘাতৰ বাবে আৰচিবিৰ শেষৰ দুখন মেচত অংশ ল’ব পৰা নাই যদিও দলৰ সফলতাত তেওঁৰ প্ৰদৰ্শন লেখত ল’বলগীয়া৷ ৰোমাৰিয়া শ্বেফাৰ্ডৰ সৈতে ডেথ অভাৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
বলিঙত শান্ত আৰু সংযত জ’ছ হেজলউড আৰচিবিৰ বাবে মূল স্তম্ভ৷ বৰ্তমান আই পি এলৰ চলিত ছিজনত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁ চতুৰ্থ স্থানত আছে৷ ইয়াৰ বিপৰীতে মুলনপুৰৰ ঘৰুৱা খেলপথাৰত প্ৰথমখন কোৱালিফায়াৰত আৰচিবিৰ হাতত লজ্জাজনক পৰাজয়ৰ পিছতো শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ান্ছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়৷
৫ বাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ান্ছক পৰাস্ত কৰি ১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে৷ পঞ্জাব কিংছে অধিনায়ক আয়াৰ আৰু প্ৰশিক্ষক ৰিকি পণ্টিঙৰ তত্ত্বাৱধানত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে৷ বিগত বৰ্ষত আয়াৰৰ নেতৃত্বত চেম্পিয়ন হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ৷ অৰ্থাৎ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে আয়াৰ নেতৃত্বাধীন দল৷ ইয়াৰ বিপৰীতে প্ৰভসীমৰণ সিং, জ’ছ ইংলিছ, প্ৰিয়ংশ আৰ্য্য আৰু শশাংক সিঙৰ ৰূপত আয়াৰক সমৰ্থন কৰিবলৈ আছে কেইবাগৰাকী তাৰকা বেট্ছমেন৷
যিয়ে আৰ চি বিক প্ৰত্যাহ্বান জনাব পাৰে৷ মাৰ্কো জান্সেনৰ অবিহনে পঞ্জাবৰ বলিং অলপ দুৰ্বল যেন লাগিলেওঁ বেটিং অনুকূল উইকেটত মুম্বাই ইণ্ডিয়ান্ছক নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল পাঞ্জাবে৷ যুজবেন্দ্ৰ চাহালে হাতৰ আঘাতৰ বাবে দ্বিতীয় কোৱালিফায়াৰত শ্ৰেষ্ঠ ফৰ্মত নাছিল যদিও পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী পাঞ্জাব৷ তেনেস্থলত কাইলৈ কোহলি নে আয়াৰৰ ভাগ্য উদয় হ’ব, সেয়া হ’ব লক্ষণীয়৷
ইতিমধ্যে ৰোমাঞ্চকৰ মেচত শক্তিশালী মুম্বাইক ধৰাশায়ী কৰি খিতাপৰ যুঁজত উপনীত হৈছে মুম্বাই পঞ্জাব৷ প্ৰথমে বেটিং কৰি মুম্বায়ে ৬ উইকেট হেৰুৱাই ২০৩ ৰান সংগ্ৰহ কৰে৷ প্ৰত্যুত্তৰত এক অভাৰ বাকী থকাৰ অৱস্থাত পাঁচটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় পাঞ্জাব৷ দলৰ হৈ অধিনায়ক আয়াৰৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ৷ ৪১ টা বলত ৮৭ ৰানৰ অভূতপূৰ্ব ইনিংছ খেলে শ্ৰেয়াছে৷ যি জয়-পৰাজয়ৰ ব্যৱধান হিচাপে বিবেচিত হয়৷
অগ্নিপৰীক্ষাৰ সন্মুখীন কোহলি
