বোকাত আবদ্ধ এম্বুলেন্স, ৰোগীৰ কান্দোন

আহোম যুগৰ সোণালী ইতিহাস বহন কৰা ঐতিহাসিক ধোদৰ আলি এতিয়া পৰ্যবসিত হৈ পৰিছ গো-বাটলৈ৷ এক কথাত গো-বাটতকৈও শোচনীয় ৰূপ লৈছে ধোদৰ আলিয়ে৷ যাতায়াতৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে উজনি অসমৰ ভিতৰতে অতিকৈ গুৰুত্বপূৰ্ণ পথটো৷
পথটোৰে যাতায়াতৰ নামত ৰাইজে ভুগিছে নিতৌ চৰম যন্ত্ৰণা৷ যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ চেলেংহাটত এতিয়া এনে এক পৰ্যায় পাইছেগৈ যে যান-বাহন আৰু পথচাৰীয়ে ধোদৰ আলি এৰি অন্য উপ-পথ ল’বলৈ বাধ্য হৈছে৷
কিন্তু কাণ সাৰ নাই স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মি, চৰকাৰ, প্ৰশাসন, লোকনিৰ্মাণ বিভাগৰ৷ উল্লেখ্য যে অসম মালা আঁচনি অধীনত আহোম যুগৰ সোণালী ইতিহাস বহন কৰা ঐতিহাসিক ধোদৰ আলি বহলীকৰণ আৰু পুনৰ নিৰ্মাণ কাৰ্যৰ কাম ২০২৩ বৰ্ষৰ মাজভাগৰ পৰা আৰম্ভণি হৈছিল৷ প্ৰায় ৩০০ কোটি টকা ব্যয়ৰে নকছাৰী মাছখোৱা পৰা নাজিৰা বালিঘাটলৈ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল শিৱ হালালকাৰ নামৰ ঠিকাদাৰগৰাকীৰ মালিকানাধীন বিনী কনষ্ট্ৰাকশ্যনে৷
পথটোৰ মাত্ৰ ২০ শতাংশ কাম কৰি ২০২৪ বৰ্ষৰ মাৰ্চ মাহৰ শেষৰ ফালে নিৰ্মাণকাৰ্য আধাতে এৰি টালি-টোপোলা বান্ধি পলায়ন কৰে বিনী কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটো৷ কিন্তু নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়াত যোৱা বছৰ পৰা মৰিয়নিবাসীয়ে যাতায়াতৰ নামত এক অৰ্বণনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ধোদৰ আলিৰ হাটীমূৰীয়া জাঁজী দলঙৰ পৰা গাভৰুপৰ্যন্ত পথটোৰ দুৰৱস্থাই ৰাইজক জলাকলা খুৱাই আহিছে৷
আনহাতে, লোণপুৰীয়া গাঁৱৰ সমীপত পথটো গো-বাটতকৈও শোচনীয় ৰূপ ধাৰণ কৰিছে৷ পথছোৱাৰ প্ৰায় ২০০ মিটাৰ অংশত সৃষ্টি হোৱা বৃহৎ বৃহৎ দ গাঁতত নিতৌ আবদ্ধ হৈছে বিভিন্ন যান-বাহন৷ আনহাতে, নিতৌ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অফিচ-কাচাৰীলৈ ওলাই যোৱা কৰ্মচাৰীসকলে ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ৷ একাঁঠু পৰ্যন্ত হোৱা বোকাত লাগি ধৰিছে বৃহৎ ট্ৰাকৰ লগতে সৰু-বৰ বাহন৷ কেবাঘণ্টা যুঁজি ঠেলি-টানি উলিয়াবলগীয়া হৈছে বাহনসমূহ৷
কালি দিনৰ ভাগত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী বোকাময় পথত পিছলি পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে৷ বিধ্বস্ত পথটোৰ দুয়োকাষে থকা পানীৰে উপচি থকা দ পথাৰৰ বাবে যান-বাহন তথা পথচাৰীৰ বাবে হৈ পৰিছে অতি বিপদজনক৷ কিন্তু কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় প্ৰশাসনৰ লগতে লোকনিৰ্মাণ বিভাগে৷
ইফালে কালি ৰোগী কঢ়িয়াই অনা এখন এম্বুলেঞ্চ বাহন দীৰ্ঘ সময় ধৰি পথটোৰ দ গাঁতত আবদ্ধ হৈ থাকে৷ পিছত জেচিবিৰ সহায়তহে এম্বুলেঞ্চখন গাঁতৰ পৰা ওলাই যাবলৈ সক্ষম হয়৷ পথটোৰ দুৰৱস্থা দেখিও নেদেখাৰ ভাও লোৱা লোকনিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ আছুৰ যোৰহাট জিলাৰ উপ-সভাপতি পৰিক্ষীত ফুকনে বিধায়ক ৰূপজ্যোতি কুৰ্মিৰ অদক্ষতা আৰু অকমণ্যতাৰ বাবে মৰিয়নিবাসীয়ে যাতায়াতৰ নামত দীৰ্ঘদিনে জীয়াতু ভূগিবলগীয়া হৈছে বুলি মন্তব্য কৰে৷
আনহাতে, সাংসদ গৌৰৱ গগৈৰ মৌন ভূমিকাকো কঠোৰ সমালোচনা কৰে আছুনেতাগৰাকীয়ে৷ শীঘ্ৰে ধোদৰ আলিটো যাতায়াতৰ উপযোগী কৰি মেৰামতি নকৰিলে স্থানীয় ৰাইজে পথটো বন্ধ কৰি দিব বুলি হুংকাৰ প্ৰদান কৰে৷ আনহাতে, ধোদৰ আলিৰ মেৰামতিৰ দাবীত কাইলৈ আট্‌ছাৰ টীয়ক শাখাই পুৱা দহ বজাৰ পৰা কলিয়াপানী চাৰিআলিত গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial