ৰাতি নহয়, দিনতে চৰি থকা গৰু চুৰি কৰে চোৰে
ঈদৰ প্ৰাকক্ষণত ৰাস্তাৰ পৰাই চোৰে ধৰি নিছে গৰু-ছাগলী৷ গৃহস্থই এৰাল দি থোৱাৰ পৰা গৰু গাড়ীত ভৰাই নিছে৷ ছাগলীও চুৰি কৰিবলৈ ৰাস্তাত তহল দি ফুৰিছে চোৰে৷
এই ঘটনাৰ প্ৰমাণো আমাৰ হাতত মজুত আছে৷ প্ৰদৰ্শন কৰা বিশেষ দৃশ্য়টো হৈছে ডিব্ৰুগড়ৰ৷ জিলাখনত দুই যুৱকে এটা গৰু পোৱালি ঠেলি-হেঁচি নিজৰ গাড়ীত ভৰাইছিল৷ উক্ত দৃশ্য CCTV কেমেৰাত বন্দী হৈছে৷ পিছত প্ৰকাশিত খবৰ অনুসৰি দুই মুছলমান যুৱকে ঈদৰ বজাৰত বিক্ৰী কৰিবলৈ এইদৰে গৰু চুৰি কৰিছিল৷
তেওঁলোকে কুৰবানিৰ বাবে গৰু গোটাই ফুৰা বুলি স্বীকাৰোক্তি দিছে৷ কিন্তু দুটা চোৰক গ্ৰেপ্তাৰ কৰাৰ সময়তো ডিব্ৰুগড়ত কমা নাই গৰু চুৰি৷
আনহাতে এইটো দৃশ্য হৈছে মঙলদৈৰ৷ য’ত ক’লা ৰঙাৰ গাড়ীখনে মঙলদৈ আইন মহাবিদ্যালয়ৰ সমীপৰ পৰা গাড়ীত তুলি নিছে এটা ছাগলী৷ গৃহস্থই চৰিবলৈ এৰি দিয়াৰ পৰা ছাগলীটো চোৰে ধৰি নিছে৷
ঈদৰ প্ৰাকক্ষণত বজাৰত গৰু-ছাগলীৰ নাটনিৰ সৃষ্টি হৈছে৷ এতেকে চোৰে এইদৰে চাফাই চলাই দুপইচা উপাৰ্জনৰ বাবে চেষ্টা কৰিছে৷ ফলত চৰম দুৰ্যোগৰ সন্মুখীন হৈছে পালক৷
কলেজৰ সন্মুখৰ পৰাই গাড়ীত উঠালে ছাগলী
