এই দৃশ্যটো গুৱাহাটীৰে

এই দৃশ্যটো চাওক
কনড’ম চাফাই কৰাৰ দৃশ্যটো অসমৰে এখন শিক্ষানুষ্ঠানৰ হোষ্টেলৰ৷ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ চৌহদ বানৰ বাবে চাফা কৰিবলগীয়া হৈছে৷ গুৱাহাটীত সৃষ্ট জলপ্ৰলয়ৰ পৰিপ্ৰেক্ষিতত চাফা কৰা হৈছিল নৰ্দমা৷ তেতিয়াই ওলাল কনড’মৰ দ’ম৷
প্ৰতিষ্ঠানটোৰ নৰ্দমা সোপা মাৰি ধৰিছিল কনড’মে৷ ব্যৱহৃত গৰ্ভনিৰোধকে নৰ্দমাৰ পানী ওলাব নোৱাৰা কৰিছিল৷ সেয়ে পানীময় হৈ পৰিছিল আগশাৰীৰ শিক্ষানুষ্ঠানৰ চৌহদ৷ গতিকে কৰ্তৃপক্ষই নলা খুলি কনড’মৰ আবৰ্জনা পৰিষ্কাৰ কৰিলে৷ তেতিয়াহে পানী কমিল সেইখন শিক্ষানুষ্ঠানত৷
অভিভাৱকে লাখ টকা খৰচ কৰি পঢ়োৱা প্ৰতিষ্ঠানৰ হোষ্টেলত শিক্ষাৰ্থীয়ে কি কৰি থাকে সেয়াই এই দৃশ্যটোৱে প্ৰতিপন্ন কৰিলে৷ হোষ্টেলত চলি থকা ৰতিক্ৰিয়া ফাদিল কৰিলে কনড’মৰ দ’মে৷ প্ৰথমে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই এই কাৰণতে নৰ্দমা চাফা কৰিবলৈ বিচৰা নাছিল৷ কিন্তু পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাৰ বাবে চাফাইৰ অনুমতি দিবলৈ বাধ্য হ’ল৷
অভিযোগ অনুসৰি অভিজাত ঘৰৰ ছাত্ৰই পঢ়া শিক্ষানুষ্ঠানৰ হোষ্টেলৰ নৰ্দমা অনবৰতে কনড’মেৰে ভৰি থাকে৷ ব্যৱহৃত কনড’মে বিশেষ এলেকাৰ নৰ্দমা সোপা মাৰি ধৰিছে৷ এই বিষয়ে আগতেও কৰ্তৃপক্ষক অভিযোগ দিয়া হৈছিল৷
আনহাতে গুৱাহাটীৰ বানত উটি আহিহে ব্যৱহৃত কনড’ম৷ লেতেৰা পানীত ওপঙা ফুৰা কনড’মেও সোপা মাৰি ধৰিছে নৰ্দমা৷ অৱশ্যে চাফাই কৰ্মীয়ে পৰিষ্কাৰ কৰিছে ব্যৱহৃত কনড’মৰ আবৰ্জনা৷
গুৱাহাটীৰ কেবাটাও এলেকাত পানী বঢ়াৰ সময়ত ওপঙি উঠিছিল কনড’ম৷ ডাষ্টবিনৰ পৰা ওলাই পৰা কনড’ম গোটাই আকৌ ভৰাইছে চাফাইকৰ্মীয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial