প্ৰখৰ ৰ’দে লাগিলে দহি নিয়ক, পিছে গুৱাহাটীৰ বাসিন্দাই এতিয়া আৰু বৰষুণ কামনা নকৰে৷ হীৰেন ভট্টাচাৰ্যৰ সহজ-সৰল কবিতাৰ পংক্তি নুবুজিলেও তেওঁলোকে সদায় ৰৌদ্ৰকামনা কৰে৷ বৰষুণক শত্ৰু ন কৰা গুৱাহাটীয়াই আকাশত মেঘ দেখিলেই শংকিত হয়৷
ছাগলী খেদা বৰষুণ এজাকতো সংবাদ শিৰোনাম দখল কৰে গুৱাহাটীৰ অনিল নগৰে৷ পিছে সংবাদ মাধ্যমে সাগৰ বুলি এতিয়া ইতিকিং কৰা নগৰ দুখনৰ সৈতে নাম জড়িত হৈ আছে দুজন কৃতবিদ্য অসমীয়াৰ৷
সততে বাতৰিত নবীন সাগৰ বুলি সকলোৱে ঠাট্টা কৰা নবীন নগৰৰ নামকৰণ হৈছে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ নামেৰে৷ বৰ্তমান কৃত্ৰিম বানে সঘনাই বুৰাই থকা অনিল নগৰৰো মহিমামণ্ডিত ইতিহাস আছে৷ এই নগৰখনৰ নামকৰণ কৰা হৈছিল ১৯৭২ চনৰ ভাষা আন্দোলনৰ ছহিদ অনিল বৰাৰ নামেৰে৷
ৰাজ্য উত্তাল কৰা ভাষা আন্দোলনৰ সময়ত ১৯৭২ চনৰ ৭ অক্টোবৰত অনিল বৰাই মৃত্যুবৰণ কৰিছিল৷ নগাঁৱৰ পলাশনিৰ অনিল বৰা সেই সময়ত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক৷ ৬ অক্টোবৰত ভাষা আন্দোনৰ প্ৰথম ছহিদ মোজাম্মিল হকে মৃত্যুবৰণ কৰিছিল৷ গতিকে ৭ অক্টোবৰত নগাঁৱত আছুৱে মৌন সমদল বাহিৰ কৰিছিল৷ সেই সমদলৰ নেতৃত্বত আছিল অনিল বৰা৷
কিন্তু সমদলৰ মাজতে তেওঁ নিখোজ হ’ল৷ মাজনিশা অনিল বৰাৰ মৃতদেহহে বিচাৰি পোৱা গ’ল৷ তেতিয়া সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই কৈছিল-
অনিল পলাশনিৰ সবাতোকৈ সুন্দৰ ৰঙা পলাশ ফুল এপাহ আছিল
যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থকা মানে
আছুৰ তেতিয়াৰ সাধাৰণ সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰীয়ে সান্ধ্য আইন ভংগ কৰি অনিল বৰাৰ নশ্বৰ দেহত পুষ্পাঞ্জলি নিবেদন কৰিছিল৷ তেওঁ তেতিয়াই অংগীকাৰ কৰিছিল- মোৰ সতীৰ্থ অনিলৰ চিতাজুই হাতেৰে স্পৰ্শ কৰি মই শপত ললো লক্ষ্যত উপনীত নোহোৱালৈ চিতাজুইৰে অসমত মই দাবানল জ্বলাইহে এৰিম। মাথো আপোনাসৱে মোক আশীৰ্বাদ কৰক৷
তাৰ পিছতে অসমত ভাষা আন্দোলন তীব্ৰতৰ হৈ পৰিছিল৷ ৭ৰ পৰা ১৩ অক্টোবৰলৈ আছুৱে অসমত শোক পালন কৰিছিল৷ অসম জ্বলি উঠা আন্দোলনৰ পিছতে চৰকাৰে সিদ্ধান্ত সলনি কৰিছিল৷ ১১ নৱেম্বৰত অসম বিধানসভাই আকৌ অসমীয়া ভাষাক মৰ্যাদা দিছিল৷
জলমগ্ন অনিল নগৰেই ৰক্ষা কৰিছিল অসমীয়া ভাষা
