বৰষুণে ধুই নিয়া সময়ত জাতীয় সংগঠনবোৰে জনজাতীয় লোকৰ চকুপানী নেদেখিলে৷ কথাই কথাই জাতি ৰক্ষাৰ হুংকাৰ দিয়া জাতীয় সংগঠনে নক’লে এষাৰো কথা৷
এই দৃশ্যটো চাওক
পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানৰ জনজাতি আবেষ্টনীত ২১০০ৰো অধিক বড়ো, ৰাভা, গাৰো, আদিবাসী পৰিয়ালে যুগ যুগ ধৰি বাস কৰি আহিছে। এতিয়া সেই জনজাতি আবেষ্টনী ভাঙি ছেটেলাইট টাউনৰ নামত ১৫০০ বিঘা ভূমি অধিগ্ৰহণ কৰি GMDAক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷
সেয়ে নেৰানেপেৰা বৰষুণকো নেওচি আজি হাজাৰ হাজাৰ জনজাতীয় পুৰুষ-মহিলা, আবাল-বৃদ্ধ-বনিতাই ভূমি ৰক্ষাৰ দাবী তুলিছে৷
তেওঁলোকে চৰকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে আৰম্ভ কৰিছে আন্দোলন৷ GMDKক মাটি নিদিয়াৰ বাবে জনতা ঐকমত্যত উপনীত হৈছে৷ কোনো কাৰণতে সেই ঠাইত ছেটেলাইট ভিলেজ বহাবলৈ দিয়া নহয় বুলি সিদ্ধান্ত লৈছে প্ৰতিবাদী জনতাই৷
কিন্তু চৰকাৰী কুচকাৱাজো সমানে চলিয়েই আছে৷ জনজাতীয় ভূমি পুঁজিপতিক গতাই দিয়াৰ চেষ্টা চলাই আছে চৰকাৰে৷
গুৱাহাটীৰ কাষতে অঘৰী হ’ব জনজাতীয় নাগৰিক
