হঠাতে আৰম্ভ হ’ল টকাৰ বৰষুণ৷ পানীৰ সলনি আকাশৰ পৰা পৰিবলৈ ধৰিলে খমখমীযা নোট৷ লোকনিৰ্মাণ বিভাগৰ বৈকুণ্ঠ নাথ সাৰংগী নামৰ অভিযন্তাজনৰ ফ্লেটৰ খিৰিকীৰে তলত পৰিল টকা৷ প্ৰথমে কোনেও একে ভূ পোৱা নাছিল৷ ৫০০ টকীয়া খমখমীয়া নোটৰ আৰম্ভ হ’ল বৰষুণ৷
কিন্তু বাহিৰত যেতিয়া ২ কোটি টকা পৰিল তেতিয়াহে ওলাল ঘটনাৰ গুৰি৷ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰা সাৰংগীয়ে সম্পত্তিৰ পাহাৰ গঢ়িছিল৷ তেওঁৰ ৭ ঠাইত আছিল ঘৰ৷
কিন্তু অভিযোগ অনুসৰি সাৰংগীৰ ঘৰত ওড়িষাৰ তদাৰকী বাহিনীয়ে তালাচী চলালে৷ গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত অভিযন্তাজনৰ ভুবনেশ্বৰ আৰু আংগুলত থকা ঘৰতো অভিযানকাৰীয়ে প্ৰৱেশ কৰিলে৷ তেতিয়াই ঘৰৰ খিৰিকীৰে নোটৰ বৰষুণ আৰম্ভ কৰি দিলে অভিযন্তাজনে৷
ঘৰত লুকুৱাই থোৱা ধন তালাচীৰ সময়ত ওলাই পৰিব বুলি তেওঁ ভীতিগ্ৰস্ত হৈ পৰিল৷ ফলত খিৰিকীৰে বাহিৰত পেলাই দিলে প্ৰায় ২ কোটি টকা৷ অভিযন্তাজনৰ বেডৰূমত ওলাল ১ কোটি টকা৷ আংগুলৰ ঘৰতো ১.১০ কোটি টকা উদ্ধাৰ কৰা হ’ল৷
তেতিয়া তেওঁ অৱশিষ্ট ধনৰাশি লুকুৱাই কৰিবলৈ এই পন্থা অৱলম্বন কৰিলে৷ পিছে খিৰিকীৰে নোট তললৈ পেলায়ো তেওঁ পৰিত্ৰাণ নাপালে৷ শেষত তদাৰকী বাহিনীয়ে ঘৰৰ বাহিৰত পেলোৱা নোটো উদ্ধাৰ কৰিলে৷ গণনাৰ শেষত দুই কোটি টকা কেৱল এপাৰ্টমেণ্টৰ চোতালৰ পৰা উদ্ধাৰ কৰা হ’ল৷
কিন্তু ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিলে অভিযন্তাজনক৷ তেওঁক ততালিকে জিম্মাত লৈছে আৰক্ষীয়ে৷ এই অভিযন্তাজনৰ বিৰুদ্ধে আছে দুৰ্নীতিৰ দীঘলীয়া অভিযোগ৷
ইচ্ছা কৰিলেই আপুনিও বুটলিব পাৰিব ৫০০ টকীয়া
