পত্নীয়ে কৰিছে তালাক৷ কিন্তু ক্ৰিকেটাৰ মহম্মদ ছামীৰ দৰে নহয় হাৰ্দিক পাণ্ডিয়া আৰু যজুৰ্ৱেন্দ্ৰ চহলৰ ভাগ্য৷ ডিভ’ৰ্চৰ কেইদিনমানৰ পিছতে দুয়োৰে জীৱনলৈ আগমন ঘটিছে নতুন সংগিনীৰ৷
বিশেষ বিয়া প্ৰায় খাটাঙেই হৈছে হাৰ্দিকৰ৷ তেওঁৰ কইনা হ’ব জেছমিন ৱালিয়া৷ বলীউডৰ চিনাকি অভিনেত্ৰী আরু গায়িকাগৰাকীয়ে হাৰ্দিক পাণ্ডিয়াক বৰমাল্য পিন্ধাব৷ বিদেশী সুন্দৰী নাটাছা ষ্টেংক’ভিছৰ সৈতে ডিভ’ৰ্চৰ পিছত হাৰ্দিকৰ সৈতেই দেখা গৈছে জেছমিনক৷
হাৰ্দিক মুম্বাই ইণ্ডিয়ানছক IPLৰ ফাইনেলৰ দিশে আগবঢ়াই নিছে৷ একেসময়তে জেছমিনেও হাৰ্দিকক কৰিছে সহায়৷ জেছমিন ৱালিয়া হাৰ্দিকৰ বাবে হৈ পৰিছে লেডীলাক৷
সেইদৰে ধনশ্ৰী বাৰ্মাই কৰা প্ৰতাৰণা পাহৰি পেলাইছে যজুৰ্ৱেন্দ্ৰ চহলে৷ তেওঁক আৰ জে মেহৱেশে দিছে বিবাহৰ প্ৰস্তাৱ৷ মেচৰ শেষত মেহৱেশে যজুৰ্ৱেন্দ্ৰক সাবটি ধৰিছিল৷ তেতিয়া মেহৱেশে চহলক সুধিছিল- উইল ইউ মেৰী মী!
প্ৰেমিকাৰ প্ৰস্তাৱত আনন্দিত চহলেও আলিংগনেৰে প্ৰকাশ কৰিছে সন্মতি৷ অৱশ্যে জুলাইতহে চহল আৰু মেহৱেশৰ বিয়াখন হ’বগৈ বুলি পৰিয়ালে প্ৰকাশ কৰিছে৷ তাৰ আগতেই অৱশ্যে জেছমিন ৱালিয়াক বিয়া পাতিব হাৰ্দিক পাণ্ডিয়াই৷ বিদেশী পত্নীৰ পৰা সম্পত্তি কৌশলেৰে ৰক্ষা কৰা হাৰ্দিকৰ এইমাহতে হ’ব পাৰে বিবাহ৷ নৱবিবাহিতা জেছমিনক লগত লৈয়েই হাৰ্দিক ইংলেণ্ডলৈ যাব৷
মেহৱেশৰ বুকুত সোমাই শুইছে কোন?
