গুৱাহাটীৰ বৰ্তমানৰ বিখ্যাত বিহুতলী লতাশিল খেলপথাৰ এসময়ত এটা বৃহৎ পুখুৰী আছিল৷ পুৰণি চহৰখনৰ বিস্তীৰ্ণ এলেকাৰ পানী এই জলাশয় জমা হৈছিল৷ লতাশিলৰ কাষতে থকা জজ ফিল্ডত তাহানিও খেলা-ধূলা হৈছিল যদিও ভাৰতীয় নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ আছিল৷ গতিকে ১৮৯৮ চনত মাণিকচন্দ্ৰ বৰুৱাৰ নেতৃত্বত লতাশিল পুখুৰী পুতি পেলোৱা হয়৷ তেতিয়াৰ পৰা লতাশিল ফিল্ডত সাধাৰণ নাগৰিকৰ খেলা-ধূলা আৰম্ভ হয়৷
কেৱল এয়াই নহয়, পুৰণি গুৱাহাটীত আছিল সৰু-বৰ কমেও ৩০০টা পুখুৰী৷ পল্টন বজাৰত বৰ্তমান যি স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় আছে, তাতো এটা ডাঙৰ জলাশয় আছিল৷ তাৰ নাম আছিল পল্টন পুখুৰী৷ ঊৰ্বশী আৰু ৰূপায়ণ চিনেমা হ’ল মাজতো আছিল এটা সুবিশাল জলাশয়৷ কমাৰপট্টী পুখুৰী থকা স্থানত এতিয়া আছে কেবাটাও বৃহৎ দালান৷ এতিয়া এজাক বৰষুণৰ পানীয়েই ডুবাই পেলোৱা গুৱাহাটীতে ইটাপোৰা পুখুৰীৰ দৰে বৃহৎ জলাশয়ো আছিল৷
ইতিহাসবিদ কুমুদেশ্বৰ বৰুৱাই ইতিহাসৰ ছাঁ-পোহৰত গুৱাহাটী নামৰ গ্ৰন্থখনত কৰা বৰ্ণনা অনুসৰি ১০০ বছৰৰ ভিতৰতে চহৰখনৰ প্ৰায় ২৯০টা পুখুৰীৰ চিন-মোকাম নোহোৱা হ’ল৷ প্ৰাচীন কালত জলদুৰ্গ হিচাপে জনাজাত গুৱাহাটীক প্ৰকৃতিয়ে সুৰক্ষা বেষ্টনী প্ৰদান কৰিছিল৷
গুৱাহাটীৰ এদিশে ব্ৰহ্মপুত্ৰ প্ৰবাহিত হৈ থকাৰ বিপৰীতে আনদিশে আছে ভৰলু আৰু বাহিনী নৈ৷ তদুপৰি চহৰৰ বাসিন্দাৰ ব্যৱহাৰৰ বাবে ৩ শতাধিক পুখুৰীয়ে নিৰ্মল জলৰ যোগান ধৰিছিল৷ কিন্তু দ্ৰুত নগৰীকৰণৰ ফলত এই চহৰখনেই বৰ্তমান উপৰুৱা এজাক বৰষুণৰে বোজা বব নোৱাৰা হ’ল৷ তাহানি পুখুৰী নগৰী হিচাপে জনাজাত গুৱাহাটীত এতিয়া বাকী আছেগৈ মাত্ৰ ৭টা জলাশয়৷
আহোম যুগত দীঘলীপুখুৰী আছিল বিখ্যাত নাওঘূলি৷ তেতিয়া দীঘলীপুখুৰীৰ উত্তৰ দিশৰ সুতিৰ জৰিয়তে ব্ৰহ্মপুত্ৰত ওলাব পৰা হৈছিল৷ গতিকে পুখুৰীটো আহোম সৈন্যৰ বাবে সুবিধাজন নৌ-ঘাটী আছিল৷ কিন্তু ব্ৰহ্মপুত্ৰ সংযোগী জানটো ব্ৰিটিছে পুতি পেলালে৷ সেই সুতি বৈ যোৱা স্থানতে এতিয়া হাইক’ৰ্ট অৱস্থিত৷ অনিশ্চিত তথ্য হৈছে দীঘলীপুখুৰী তলেৰে ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন, ফলত পানীৰ কেতিয়াও হেৰফেৰ নহয়৷
অতীজতে দীঘলীপুখুৰীৰ দক্ষিণে থকা ৰাজ্যিক সংগ্ৰহালয়ৰ পৰা গুৱাহাটী ৰে’ল ষ্টেশ্যনকে ধৰি মৰাভৰলুপৰ্যন্ত এখন বিশাল বিল আছিল৷ সেইখনৰ নাম আছিল ছলাবিল৷
ইতিহাস অনুসৰি ১৮৫০ খ্ৰীষ্টাব্দত গুৱাহাটীৰ দুৰ্গা সৰোবৰত প্ৰথমটো ইটাভাটা স্থাপন কৰা হৈছিল৷ সেই ঠাইতে এটা পুখুৰীও খন্দোৱা হৈছিল, যাৰ নাম আছিল ইটাপোৰা পুখুৰী৷ কিন্তু এতিয়া সেই জলাশয়ৰ অস্তিত্ব নাই৷ কামাখ্যাগে’ট আৰু ভূতনাথৰ মাজতো এটা পুখুৰী আছে৷ যাৰ নাম দুৰ্গা সৰোবৰ৷
উজান বজাৰৰ উড়িয়া বস্তিতো পদুম পুখুৰী নামৰ এটা জলাশয় আছে৷ কিন্তু সেইটো ক্ৰমে বেদখলকাৰীৰ কবলত পৰিছে৷ এইবোৰ পুখুৰী ক্ৰমে পুতি পেলোৱাৰ ফলতে গুৱাহাটী হৈ পৰিছে পানীময়৷
বানৰ বাবে কেৱল চৰকাৰক গালি পাৰিলেই নহ’ব
