টোপনিতে শেষ নিশ্বাস ত্যাগ কৰিবলৈ খুব ইচ্ছা আছিল মুনিন বৰুৱাৰ৷ নিয়তিয়ে তেওঁৰ ইচ্ছা পূৰ্ণ নকৰিলে৷ কালৰূপী কেন্সাৰে লৈ গ’ল ভাইমনদা ওৰফে মুনিন বৰুৱাক৷
হ’লে কি হ’ব, অসমৰ ৰাইজে আকৌ জীয়াই তুলিলে মুনিন বৰুৱাক
RJ সমীৰ পৰিচালিত ভাইমনদায়ে অসমীয়া ছবি উদ্যোগত নৱজাগৰণৰ সৃষ্টি কৰিছে৷ ভাইমনদা চলাবলৈ হলৰ পৰা আঁতৰাই দিয়া হৈছে হিন্দী চিনেমা৷ বহিৰাগত ব্যৱসায়ী হৈ পৰিছে আচৰিত৷
এতিয়ালৈ ভাইমানদাৰ কালেকশ্যন প্ৰায় ডেৰকোটি টকা৷ দৰ্শকৰ সোঁত দেখি কালেকশ্যন তিনি কোটিলৈ বাঢ়িব বুলি সহজেই অনুমান কৰিব পাৰি৷
পূৰ্বৰ দক্ষ ৰেডিঅ’ জ’কী সমীৰে পৰিচালনা কৰা চিনেমাখনৰ প্ৰতিটো চৰিত্ৰই বাস্তৱক ফুটাই তুলিছে৷ চিনেমাৰ ধ্যানত মগ্ন মুনিন বৰুৱাৰ পৰা জুবিনৰ উত্থানৰ কাহিনীলৈ সকলোবোৰ নিখুঁতভাৱে বৰ্ণনা কৰিছে সমীৰে৷ মুনিন বৰুৱাৰ চৰিত্ৰত নৱাগত বনদীপ, বিজু ফুকনৰ ভাৱত নীলিম দত্তকে ধৰি সকলোৰে পৰা সাৱলীল অভিনয় আদায় কৰিছে পৰিচালকে৷
তেওঁৰ দক্ষতাৰ বাবে অসমীয়া চিনেমাই দখল কৰিছে অসমৰ হল৷ বহুদিন শেঁতা পৰি থকা অসমীয়া চিনেমা উদ্য়োগক আকৌ এবাৰ জীয়াই তুলিছে মুনিন বৰুৱাই৷ হিয়া দিয়া নিয়াৰ জৰিয়তে টলীউডত প্ৰাণ সঞ্চাৰ কৰা মুনিন বৰুৱাৰ জৰিয়তে জী উঠিছে উদ্যোগটো৷
এটা বিশেষ কাৰণটো ভাইমনদাৰ সফলতা গুৰুত্বপূৰ্ণ৷ বিগত সময়ত জাহ্নু বৰুৱাকে ধৰি কেবাজনেও বায়’পিক অসমীয়া ভাষাত নিৰ্মাণ কৰিছিল৷ কিন্তু সকলো বিফল হৈছিল৷
জাহ্নু বৰুৱাৰ কুশল, আছিফ ইকবাল হুছেইনৰ আজান ফকীৰ চাহেব, সূৰ্য্য হাজৰিকাৰ শ্ৰীমন্ত শংকৰদেৱ, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বীৰ চিলাৰায়ো ফ্লপ হৈছিল৷
কিংবদন্তি চিকিৎসক ভুবনেশ্বৰ বৰুৱাৰ জীৱন আধাৰিক লোক বন্ধু, প্ৰতিমা পাণ্ডে বৰুৱাৰ বায়’পিক সোণাৰ বৰণ পাখিও বক্স অফিচত বিফল হৈছিল৷ কিন্তু সৰ্বশেষত বায়’পিক হিচাপে হিট হ’ল মুনিন বৰুৱাৰ জীৱন আধাৰিত ভাইমনদা৷ মৃত্যুৰ পিছতো যেন মুনিন বৰুৱাই অসমীয়া চিনেমা উদ্য়োগক দিলে এটা বিৰাট ব্ৰেক থ্ৰু৷
স্বৰ্গৰ পৰা সহায় কৰিছে মুনিন বৰুৱাই
