প্ৰেয়সী পক্ষীয়েও কৰে অভিমান

প্ৰেয়সী পক্ষীৰ ভোক লাগিছে৷ ভোকতে ওফোন্দ পাতিছে প্ৰেমিকাই৷ সেয়ে প্ৰেমাস্পদে দিছে এচকল কেক৷ প্ৰেমিকাৰ মুখত গুজি দিছে কেকৰ টুকুৰা৷ খঙত মুখ ওফন্দোৱা প্ৰেয়সীয়ে অভিমান এৰিছে৷
এই ব্যাখ্যা আকৌ কোনো মানুহৰ বুলি নাভাবিব৷ প্ৰেমৰ নামত অসমতে কিমান ঘৃণনীয় ঘটনা ঘটিছে সেয়া আপোনালোকে দেখিছে৷ গতিকে এইবাৰ শুনক পক্ষীৰ প্ৰেমৰ আখ্যান৷
এই যে দেখিছে ঘৰচিৰিকা চৰাইটো, সেইটো হৈছে প্ৰণয়প্ৰাৰ্থী৷ প্ৰেয়সী পক্ষীক সন্তুষ্ট কৰি ৰাখিবলৈ প্ৰেমিক ঘৰচিৰিকাই চেষ্টাৰ ত্ৰুটী নকৰে৷ তথাপি কেতিয়াবা ভুল হৈ যায়৷
কিন্তু এইবাৰ প্ৰেয়সীক লগত লৈ প্ৰেমিক পক্ষী এখন হোটেলতে উপস্থিত হ’ল৷ খাদ্য অৰ্ডাৰ কৰিবলৈ প্ৰেমিকে নাজানে, কিন্তু প্ৰেমিকাৰ আব্দাৰ পূৰণ কৰাৰ উদ্দেশ্যে খাদ্যৰ টেবলত উপৱিষ্ট হ’ল প্ৰেমাস্পদ৷
প্ৰেয়সীৰ আব্দাৰ পূৰণ কৰিবলৈ টেবলৰ গ্ৰাহকক উপেক্ষা কৰিলে প্ৰেমিক পক্ষীয়ে৷ কেকৰ পৰা এটুকুৰা নি গুজি দিলে প্ৰেমিকাৰ মুখত৷ ঠোঁটেৰে প্ৰেয়সীক খুৱাই দিলে কেক৷
আনন্দিত প্ৰেমিকায়ো পাখি জোকাৰি খালে প্ৰেমিকে খুওৱা খাদ্য৷ কেবাবাৰো খাদ্য খুওৱাৰ পিছত প্ৰেয়সীৰ পেট ভৰি গ’ল৷ হোটেলত অন্ত পৰিল ঘৰচিৰিকাৰ ডেটিং৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial