যিমানে গৰম উঠিলেও সহ্য কৰি থাকিব
কিন্তু কুঁহিয়াৰৰ ৰস নাখাব
অন্যথা বিহাৰী বেপাৰীয়ে আপোনাক খুৱাই দিব লেতেৰা পানী৷ কুঁহিয়াৰৰ ৰসৰ সৈতে মিলাই বিহাৰীয়ে নৰ্দমাৰ পানীয়েই আপোনাক খুৱাই দিব৷ ফলত কুঁহিয়াৰৰ ৰস খালেই হ’ব জণ্ডিচ অথবা টাইফয়ড৷
বিশ্বাস হোৱা নাই যদি এই ভিডিঅ’টো চাওক
আপোনাৰ চকুৰ সন্মুখত অত্যন্ত চাফাকৈ কুঁহিয়াৰ চেঁপাৰ ভাও জোৰে বিহাৰী বেপাৰীয়ে৷ কিন্তু আচলতে অসমৰ গ্ৰাহকক তেওঁলোকে খুৱায় নৰ্দমাৰ পানী৷ কেইটুকুৰামান বৰফ মিহলাই গ্ৰাহকক ঠাণ্ডা ৰস খুওৱা বেপাৰীয়ে ইচ্ছাকৃতভাৱে লেতেৰা পানী ধোৱে কুঁহিয়াৰ৷
তেওঁলোকে ৰাস্তাৰ কাষৰ দোকানত ৰাখে বাকলি গুচোৱা কুঁহিয়াৰ৷ সেইবোৰৰ বাকলি ঘৰতে গুচায় প্ৰায়সমূহ বেপাৰীয়ে৷ তাৰ পিছতে নৰ্দমাৰ পানীত কুঁহিয়াৰ ধোৱে তেওঁলোকে৷ লেতেৰা পানীত থকা বেক্টেৰিয়া মিহলাইহে গ্ৰাহকক খুৱায় ২০ টকীয়া কুঁহিয়াৰৰ ৰস৷
গতিকে আপোনাৰ চকুৰ সন্মুখত চাফাকৈ চেঁপিলেও বিহাৰী বেপাৰীৰ পৰা নাখাব কুঁহিয়াৰৰ ৰস৷ তেওঁলোকে আপুনি নজনাকৈয়ে কুঁহিয়াৰৰ ৰসৰ সৈতে খুৱাইছে ৰোগৰ বীজাণু৷
এইবাৰ কিন্তু এগিলাচ ৰসৰ দাম ৩০ টকালৈ বঢ়াব বুলিও প্ৰকাশ কৰিছে বিহাৰী বেপাৰীয়ে৷ তেওঁলোকে পিছে এডাল কুঁহিয়াৰ সৰ্বাধিক ১২ টকাত গ্ৰাহকৰ পৰা ক্ৰয় কৰে৷
অসমীয়াৰ পৰা ১২ টকাত কিনা কুঁহিয়াৰ চাৰিবাৰ চেঁপি ৫০০ টকা উপাৰ্জন কৰে৷ এগিলাচ কুঁহিয়াৰৰ ৰসৰ সৈতে অসমীয়া গ্ৰাহকে পান কৰে জণ্ডিচ আৰু টাইফয়ডৰ বীজাণু৷
চিনাকি হ’লেও বিহাৰী বেপাৰীক বিশ্বাস নকৰিব
