মক্কালৈ গৈ কোনোবা মুছলমানে নৃত্য কৰা দেখিছে?
হজ কৰিবলৈ যোৱা মুছলমানে নচা কোনেও দেখা নাই
কিন্তু ধৰ্মস্থানতে নাইট ক্লাবৰ দৰে পৰিৱেশ সৃষ্টি কৰিছে হিন্দু ভক্তই৷ পৱিত্ৰ মন্দিৰত প্ৰাৰ্থনাৰ সময়ত ভাংৰা লগাই নৃত্য কৰিছে এদল হিন্দুৱে৷ সনাতনী বিশ্বাসক অৱহেলা কৰি কেদাৰনাথত সৃষ্টি কিৰছে বজৰুৱা পৰিৱেশ৷
২ তাৰিখে মন্দিৰৰ দ্বাৰ খোলাৰ পিছত কেদাৰনাথত সমৱেত হৈছে লক্ষাধিক ভক্ত৷ কিন্তু তেওঁলোকৰ এচামে ধৰ্মৰ নামত অশ্লীলতাৰবে বজাৰ মেলিছে৷ হিন্দু ভক্তসকলৰ কাপোৰৰ নাই লাগ-বান্ধ৷ যুৱতীয়ে শ্বৰ্টছ পৰিধান কৰিও মন্দিৰত প্ৰৱেশ কৰিছে৷
এইবাৰ পঞ্জাবৰ যুৱকে গান লগাই মন্দিৰত কৰিছে নৃত্য৷ অজস্ৰ ভক্তৰ বিশ্বাসত কুঠাৰাঘাত কৰি তেওঁ মন্দিৰত বাৰৰ দৰে পৰিৱেশ সৃষ্টি কৰিছে৷ নিচাসক্ত বুলি সন্দেহ কৰা যুৱকজনে মন্দিৰলৈ পিঠি দি উদ্দাম নৃত্য কৰিছে৷
আনসকল ভক্তই মহাদেৱ বন্দনা কৰি আছে৷ তেওঁলোকক উদণ্ড যুৱকজনে শান্তি দিয়া নাই৷ কেদাৰনাথ দৰ্শনৰ নামত ভক্তসকলক অতিষ্ঠ কৰিছে সেইজন যুৱকে৷ তেওঁ উচ্চস্তৰত পাঞ্জাবী গান বজাই ডিস্ক’থেকৰ দৰে তাতে নৃত্য কৰিছে৷
কিন্তু শেষত ভক্তই খেদিছে সেইজন যুৱকক৷ মন্দিৰলৈ কেৱল ৰীল বনাবলৈ যোৱা যুৱকজনক কেদাৰনাথৰ পৰা উলিয়াই দিয়া হৈছে৷ পিছে ঘটনাটোৱে লজ্জ্বিত কৰিছে মহাদেৱৰ ভক্তক৷
কাৰণ হজ কৰিবলৈ যোৱা মুছলমানে কেতিয়াও কৰা নাই এনে কাণ্ড৷ একেদৰে গুৰুদ্বাৰত শিখে নৃত্য কৰাটো নিষেধ৷ কিন্তু হিন্দুৰ নামত এচামে মন্দিৰকো কলংকিত কৰিছে৷
কেদাৰনাথতো হিন্দু ধৰ্মক কৰিলে কলংকিত
