সলনি হ’ব IPL৷ অহা বছৰৰ পৰা নতুন ফৰ্মেটত অনুষ্ঠিত হ’ব ধনাৰ্ঢ্য প্ৰতিযোগিতাখন৷ ইতিমধ্যে এই পৰিৱৰ্তন চূড়ান্ত কৰিছে আই পি এলৰ গৱৰ্নিং কাউন্সিলে৷ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে IPLৰ অধ্যক্ষ অৰুণ ধুমলে৷ পৰিকল্পনা অনুসৰি ২০২৮ চনৰ পৰা আই পি এলত ৯৪ খন খেল অনুষ্ঠিত হ’ব৷
৬০ৰ পৰা ৬৫ দিনলৈ চলিব এই প্ৰতিযোগিতা৷ অৱশ্যে পূৰ্বৰ দৰেই আই পি এল ভাৰতীয় ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব৷ এই পৰিকল্পনা কৰিছে BCCIয়ে৷
পৰৱৰ্তী ফিউচাৰ ট্যুৰ প্ৰগ্ৰেমত IPLৰ বাবে অধিক সময় প্ৰদানৰ আশ্বাস দিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে৷
বৰ্তমান IPLৰ দলসমূহ দুটা গ্ৰুপত বিভক্ত হৈ থাকে৷ গ্ৰুপ Aৰ দলবোৰৰ এটাই আনটোৰ বিৰুদ্ধে দুখনকৈ মেচ খেলে৷ আনহাতে গ্ৰুপ Bৰ দলসমূহৰ বিৰুদ্ধে খেলে এখনকৈ মেচ৷ একেদৰে গ্ৰুপ Bৰ দলসমূহে নিজৰ মাজতে দুখনকৈ মেচ খেলে৷ গ্ৰুপ Aৰ দলসমূহৰ বিৰুদ্ধে খেলে এখনকৈ মেচ৷
কিন্তু ২০২৮ চনৰ পৰা কোনো গ্ৰুপ নাথাকিব৷ প্ৰতিটো দলে এটাই আনটোৰ বিৰুদ্ধে দুখনকৈ মেচ খেলিব৷ ইয়াৰ ফলত মেচৰ সংখ্যা ২০ খনলৈ বৃদ্ধি পাব৷ আই পি এলৰ ফৰ্মেট সলনি কৰাৰ সন্দৰ্ভত ব’ৰ্ডৰ ভিতৰচ’ৰাত আলোচনা হৈছে৷
আই চি চিৰ সৈতেও আমাৰ আলোচনা হৈছে৷ পৰিৱৰ্তনৰ সুযোগ আছে৷ প্ৰতিযোগিতাখন কিমানদিনীয়া হ’ব, সেই সন্দৰ্ভত নিশ্চিত হোৱা নাই গৱৰ্নিং কাউন্সিল৷
ধুমলে কয়- অতিৰিক্ত সময়ৰ বিশেষ প্ৰয়োজন নাই৷ ৭৪ খন খেলৰ পৰিৱৰ্তে ৮৪ বা ৯৪ খন হ’ব৷ প্ৰতিটো দলে যদি এটাই আনটোৰ বিৰুদ্ধে খেলে তেন্তে ৯৪ খন মেচ হ’ব৷ আইচিচি প্ৰতিযোগিতা আৰু দ্বিপাক্ষিক শৃংখলাৰ বাবে তেতিয়াও পৰ্যাপ্ত সময় বাকী থাকিব লাগিব৷ ইয়াত সময় কম কৰাটো বৰ বেছি সম্ভৱ নহয়৷
কিন্তু ক্ৰমান্বয়ে সলনি হৈ আহিছে ক্ৰিকেট৷ এটা সময়ত আমি বিকল্পৰ কথা বিবেচনা কৰিবলগীয়া হ’ব পাৰে৷ ইয়াৰ বিপৰীতে ২০২৮ চনৰ পৰা আই পি এলৰ নতুন সম্প্ৰচাৰৰ অধিকাৰো বিক্ৰী কৰিব ব’ৰ্ডে৷ উল্লেখ্য যে ৬৪ দিনীয়া সূচীৰে আয়োজন কৰা হৈছে চলিত আই পি এল৷ যদিহে এনে হয়, তেন্তে অনুৰাগীয়ে উপভোগ কৰিব পাৰিব অতিৰিক্ত ২০ খন মেচ৷
অহা বছৰলৈ ভাৰতত নহ’বও পাৰে লীগ
