ডিঙিৰ ৰঙা দাগৰ কথা কৈ দিলে

ধুনীয়াকৈ মেক-আপ কৰিও ডিঙিটো উদঙাই ৰাখিলে তেজস্বী প্ৰকাশে৷ কায়দা কৰি তেওঁ দেখুৱাই দিলে লাভ বাইটৰ চিহ্ন৷ প্ৰেমিক কৰণ কুন্দ্ৰাৰ সৈতে লিভিং টুগেদাৰ কৰি থকা তেজস্বীয়ে লুকুৱাবলৈ চেষ্টা নকৰিলে ৰঙা পৰি থকা ডিঙিটো৷
গতিকে কেমেৰাত বন্দী হ’ল তেজস্বীৰ ডিঙিৰ ৰঙচুৱা দাগ৷ সুন্দৰী অভিনেত্ৰীয়ে আন্ধেৰীৰ এটা পাৰ্টীত অংশগ্ৰহণ কৰিছিল৷ তেওঁ সেইদিনা পিন্ধিছিল ল’ নেক ফ্ৰক৷ ফলত লাভ বাইটৰ দাগটো সকলোৰে চকুত পৰিছিল৷ বলীউডৰ লাভ বাৰ্ড তেজস্বীক সাংবাদিকে সুধিছিল দাগটোৰ কথা৷ কিন্তু তেতিয়া মিচিকিয়া হাঁহি মাৰি আঁতৰি গ’ল তেজস্বী প্ৰকাশ৷
বলীউডৰ কেবাজনো অভিনেতাৰ প্ৰেম প্ৰস্তাৱ খাৰিজ কৰা তেজস্বীয়ে স্বীকাৰ কৰিছে কৰণৰ প্ৰপ’জেল৷ দুয়ো বান্দ্ৰাৰ বিলাসী ফ্লেটতে গঢ়িছে সুখৰ সংসাৰ৷ অৱশ্যে বৰ্তমানলৈ বিবাহপাশত আবদ্ধ হোৱা নাই তেজস্বী আৰু কৰণ৷
কিন্তু জুলাইত ডেষ্টিনেশ্যন মেৰেইজৰ দিন ঠিক কৰা বুলি তেজস্বীয়ে ইংগিত দিছে৷ তাৰ পূৰ্বে তেওঁ দেখুৱাইছে সুখৰ সংসাৰৰ চিনটো৷ প্ৰেমিকৰ লাভ বাইট ঢাকিবলৈ চেষ্টা নকৰি তেজস্বীয়ে মাৰিছে ৰহস্যময় হাঁহি৷
৩১ বছৰীয়া তেজস্বীৰ জন্ম আকৌ ছৌদি আৰবত৷ তেওঁ তাৰ পৰা আহিহে বলীউডত খোপনি পুতিছে৷ প্ৰেমত উন্মনা হোৱা তেজস্বীয়ে ছমাহে কৰিছে লিভিং টুগেদাৰ৷ অভিভাৱকৰ সন্মতি সাপেক্ষে বিবাহো ঠিক কৰিছে৷ তাৰ পূৰ্বে কৰণক সপি দিছে শৰীৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial