এটা তেল ডিপ’, নগদ ডেৰকোটি টকা আৰু ৬৫ বিঘা মাটি
ৰ’ব, এয়া এজন লোকৰ সম্পত্তিৰ পৰিমাণ বুলি নাভাবিব৷ এয়া হৈছে যৌতুকহে৷ কন্যাক বিয়া কৰোৱাৰ বিনিময়ত এটা জাট পৰিয়ালে দৰাক দিছে বিশাল পৰিমাণৰ যৌতুক৷ যাৰ বজাৰমূল্য হৈছে ১৫ কোটি ৬৫ লাখ টকা৷
ৰাজস্থানৰ ঐশ্বৰ্যশালী জাট পৰিয়ালে এজন নিবনুৱা যুৱকলৈ বিয়া দিছে একমাত্ৰ কন্যাক৷ ভৱিষ্যতে জোঁৱায়ে যাতে কষ্ট কৰি ধন ঘটিবলগীয়া নহয় সেয়াও চিন্তা কৰিছে শহুৰৰ ঘৰে৷ সেয়ে বিবাহতে জোঁৱাইক সোণেৰে পুতি পেলাইছে শাহুৱেকে৷
ৰাজস্থানৰ বিয়াখন পুৰণি নীতি অনুসৰি অনুষ্ঠিত হৈছিল৷ জাটসকলৰ পৰম্পৰাগত মায়ৰা উৎসৱত শহুৰৰ পৰিয়ালে যৌতুকৰ পৰিমাণো অভ্যাগতৰ সন্মুখত ঘোষণা কৰিলে৷ তেওঁ কৈ গ’ল যৌতুকৰ দীঘলীয়া তালিকা৷
সেই তালিকাৰ প্ৰথম তিনিটা স্থানত আছে তেল ডিপ’, মাটি আৰু নগদ ধন৷ অৱশ্যে তালিকাখন ইয়াতে শেষ হোৱা নাই৷
পৰিয়ালে যুৱতীগৰাকীক বিয়া দিবলৈ বহুদিন বিচাৰি পোৱা নাছিল উপযুক্ত পাত্ৰ৷ কিন্তু শেষত নিজৰ সম্প্ৰদায়ৰে নিবনুৱা যুৱকক তেওঁলোকে জোঁৱাই হিচাপে পছন্দ কৰিলে৷
গতিকে হেঁপাহ পলুৱাই দিছে যৌতুক৷ কিন্তু এই কথাটো ভাল পোৱা নাই একাংশ নেটিজেনে৷ এনে কথাই যৌতুকৰ নিয়মক উচটনিহে দিব বুলি তেওঁলোকে ব্যক্ত কৰিছে৷
জোঁৱায়ে আৰু কষ্ট কৰিব নালাগে
