সম্পত্তিৰ ভাগ নোপোৱাকৈ মাতৃৰ শেষকৃত্যত বাধা কুলাংগাৰৰ

মাকৰ শেষকৃত্য কৰিবলৈ নিদিলে পুত্ৰইপ্ৰয়াত মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পুত্ৰই সূচনা কৰিলে তাণ্ডৱৰ৷ উপস্থিত লোক হৈ পৰিল হতবাক৷ সকলোকে আচৰিত কৰি মাকৰ শৱৰ পৰা অলংকাৰ খোলাত লাগিল অত্যাচাৰী-অসভ্য পুত্ৰ৷ভূৰি দেৱী নামৰ বৃদ্ধাৰ বিয়োগৰ পিছত শেষকৃত্যৰ বাবে সমৱেত হৈছিল আত্মীয়৷ সকলোৱে শৱ শেষকৃত্যৰ স্থানলৈ নিছিল৷ তেতিয়ালৈ খবৰ নাছিল ভূৰি দেৱীৰ পুত্ৰৰ৷ গতিকে আত্মীয়ই কৰিছিল দাহনৰ প্ৰস্তুতি৷ কিন্তু তেতিয়াই খেলিমেলি লাগিল৷কাৰণ লীলা কা বাছ কি ধানী নামৰ গাঁৱখনত উপস্থিত হৈ তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে মৃত বৃদ্ধাৰ পুত্ৰ ওমপ্ৰকাশে৷ তেওঁ বিচাৰিলে মাকৰ সম্পত্তিৰ ভাগ৷ অন্যথা শেষকৃত্য কৰিবলৈ নিদিয়ে বুলি ৰাইজক জনাই দিলে কুলাংগাৰ ওমপ্ৰকাশে৷ভূৰি দেৱীৰ ষষ্ঠ সন্তান ওমপ্ৰকাশে মাকৰ শেষকৃত্য কৰিবলৈ উপস্থিত লোকক ভাবুকি দিলে৷ সকলোকে আঁতৰাই পাষণ্ড ওমপ্ৰকাশে খুলিলে মৃত মাকে পিন্ধি থকা অলংকাৰ৷ মাতৃৰ শৱদেহৰ পৰা কাণফুলি আৰু চেইন খুলি নিলে কুলাংগাৰ পুত্ৰই৷কেৱল তাতে পুতেক ক্ষান্ত নাথাকিল৷ মাকৰ হাতৰ খাৰুও খুলিলে৷ ঘৰৰ ভিতৰলৈ গৈ কব্জা কৰিলে মাকৰ সম্পত্তি৷ তাৰ পিছতহে মাতৃৰ শেষকৃত্য কৰিবলৈ দিলে ওমপ্ৰকাশে৷
এই ঘটনাটো ঘটিছে ৰাজস্থানত৷ হিন্দু বসতিপ্ৰধান সমাজত সংঘটিত ঘটনাই স্থানীয় লোককো লজ্জ্বানত কৰিছে৷ কিন্তু মাকৰ অলংকাৰ খুলিও লাজ পোৱা নাই কুলাংগাৰ ওমপ্ৰকাশে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial