কংগ্ৰেছক নালাগে বড়োৰ ভোট
কাৰ্বিৰ ভোটৰো কংগ্ৰেছক দৰকাৰ নাই
সেইবাবে টীম গৌৰৱত নাই এজনো জনজাতীয় নেতা৷ ভোটৰ অংকত হ’লেও বিজেপিয়ে ট্ৰাইবেল নেতাক গুৰুত্ব দিছে৷ কিন্তু কংগ্ৰেছে সেইবোৰ ভবা নাই৷ মুছলমান, ভাষিক সংখ্যালঘু আৰু চাহ জনজাতিৰ ভোটেৰেই অসম জয় কৰিম বুলি ভাবিছে গৌৰৱ গগৈয়ে৷
সেইবাবে পূৰ্বে ধৰণীধৰ বসুমতাৰীৰ দৰে বড়ো নেতা থকা কংগ্ৰেছত আজি বড়োসকল অস্তিত্বহীন৷ দলটোত নাই লেখত ল’বলগীয়া বড়ো নেতা৷ কিছুদিন পূৰ্বে প্ৰবীণ বড়োৱেও কংগ্ৰেছ ত্যাগ কৰিছে৷
একেদৰে মিচিং নেতাও কংগ্ৰেছত নাই বুলিব পাৰি৷ মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৰ দৰে নেতা পূৰ্বে কংগ্ৰেছৰ শক্তিশালী খুঁটা আছিল৷ ভৰত নৰহেও জনজাতীয় ৰাজনীতিৰেই কংগ্ৰেছক উপকৃত কৰিছিল৷ কিন্তু ভৰত নৰহ বৰ্তমান কংগ্ৰেছৰ বাবে সম্পদৰ সলনি বিপদ হৈ পৰিছে৷ সেয়ে কংগ্ৰেছত নোহোৱা হৈছে মিচিং নেতা৷
ডিফুৰ প্ৰাক্তন সাংসদ বীৰেনছিং ইংতি আছিল কংগ্ৰেছী৷ তেওঁ কাৰ্বি পাহাৰৰ কংগ্ৰেছী ৰাজনীতিৰ গুৰি ধৰিছিল৷ নিজৰ শক্তিৰেই বীৰেনছিং ইংতিয়ে জিকাইছিল পুত্ৰ ক্লেংডুন ইংতিক৷ কিন্তু তেওঁৰ পিছত শক্তিশালী নেতা কাৰ্বি পাহাৰত কংগ্ৰেছে সৃষ্টি কৰিব নোৱাৰিলে৷
ডিমা হাছাওতো কংগ্ৰেছৰ গতি একেই৷ গোবিন্দ চন্দ্ৰ লাংথাছাৰ পিছত কোনোৱেই পাহাৰীয়া জিলাত কংগ্ৰেছক সুস্থিৰ কৰিব নোৱাৰিলে৷ সমৰজিৎ হাফলংবাৰ আৰু কুলেন্দু ডাউলাগাপুৰ দৰে নেতাকো কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে৷
কংগ্ৰেছৰ নীতি নিৰ্ধাৰক কমিটীত নাই ৰাভা প্ৰতিনিধিও৷ যি কেইজন আছে তেওঁলোকে দলক মাইলেজ দিব নোৱাৰে৷
এটা কথা অনস্বীকাৰ্য- ট্ৰাইবেল ৰাজনীতি সদায় দিল্লীমুখী৷ সেয়ে বিজয়ী পক্ষৰ সৈতেই জনজাতীয় ৰাজনীতিৰ সংগম হয়৷ কিন্তু শক্তিশালী জনজাতীয় নেতা সৃষ্টি কৰিব নোৱাৰাটো কংগ্ৰেছী ৰাজনীতিৰ বাবে বিপজ্জনক৷
টীম গৌৰৱৰ জনজাতীয় ৰাইজক উপহাস!
