মোক আল্লাহে বচাব
জালি টুপী পিন্ধিলে মোক হেলমেট নালাগে
মোক হেলমেট পিন্ধাবলৈ তই কোন
এইদৰে কৈ আৰক্ষীক চোঁচা মাৰি গ’ল এজন মুছলমান৷ অৱশ্যে ট্ৰেফিক কনিষ্টবলজনে একো ভুলেই কৰা নাছিল৷ মুছলমান বৃদ্ধজনক স্কুটী চলোৱাৰ সময়ত হেলমেট পৰিধানৰ বাবেহে তেওঁ অনুৰোধ জনাইছিল৷ সেইবাবে মুছলমান লোকজনে ট্ৰেফিক কনিষ্টবলক পূৰ্ণহতীয়া চৰ শোধালে৷
কৰ্তব্য কৰি থকা ট্ৰেফিক কনিষ্টবলক চৰিয়ায়ো গুচি গ’ল উক্ত লোকজন৷ তেওঁক কোনেও একো কৰিবই নোৱাৰিলে৷
বৃদ্ধ লোকজনে ট্ৰেফিক আইন উলংঘা কৰি হেলমেট অবিহনে স্কুটী চলাইছিল৷ তেতিয়া তেওঁক নিয়ম অনুসৰিয়েই আৰক্ষী জোৱানে ৰ’বলৈ ইংগিত দিলে৷ ৰোৱাৰ পিছতে লোকজনক হেলমেট কিয় পিন্ধা নাই বুলি সুধিলে আৰক্ষীয়ে৷ তেতিয়া হঠাতে উগ্ৰমূৰ্তি ধৰিলে লোকজনে৷ তেওঁ ক’লে
মোক বচোৱাৰ কাম আল্লাহৰ
হেলমেট পিন্ধা-নিপিন্ধা মোৰ ইচ্ছা
জালি টুপী পিন্ধিলে হেলমেট দৰকাৰ নাই বুলি সেই লোকজনে তৰ্জন গৰ্জন কৰিলে৷ তাৰ পিছতে অন ডিউটী কনিষ্টবলক কাণতলীয়া চৰ সোধালে উক্ত লোকজনে৷ তেওঁ চাই ল’ম বুলিও কৈ গ’ল কনিষ্টবলজনক৷ কেতিয়াও হেলমেট নিপিন্ধো বুলি চেলেইঞ্জ কৰিলে বৃদ্ধ লোকজনে৷
এই ঘটনাটো ৰাঁচীত সংঘটিত হ’ল৷ চহৰখনৰ মূল ট্ৰেফিক পইণ্টত হেলমেট অবিহনে লোকজনে স্কুটী চালনা কৰিছিল৷ কিন্তু হেলমেট পিন্ধিবলৈ কোৱাটো তেওঁৰ বাবে ধৰ্মীয় অপমান হৈ পৰিল৷ হেলমেট পিন্ধিলে ইছলামিক নিয়ম ভংগ কৰা হ’ব বুলি তেওঁ দাবী কৰিলে৷ ধৰ্মক অৱমাননা কৰাৰ অভিযোগ তুলিলে লোকজনে৷ সেয়ে চৰ মাৰিলে আৰক্ষী কনিষ্টবলক৷
কনিষ্টবলৰ বিৰুদ্ধে ইছলামক অৱমাননাৰ অভিযোগ
