হিন্দু ৰাজনীতিৰে বিফল হ’ল কংগ্ৰেছ

প্ৰদেশ কংগ্ৰেছত মন্ধনৰ নাতিনীয়েকৰ দপদপনি
দপদপনি চলিব নুৰুল হুছেইনৰ পুতেকৰ
আমি ওপৰত উল্লেখ কৰা বিশেষ নাতিনীয়েক আৰু পুতেকজন হৈছে ৰকিবুল হুছেইন৷
ভূপেন বৰাক চকুপাৰি দেখিব নোৱাৰিছিল ৰকিবুল হুছেইনে৷ ভূপেনাক অপসাৰণৰ উদ্দেশ্য়ে কেবাবাৰো ৰকিবুলি দিল্লীলৈ ঢাপলি মেলিছিল৷ মুখেৰে অৱশ্যে ভূপেনৰ সৈতে ভাল হৈ আছিল ৰকিবুল৷ শেহতীয়াকৈ ভূপেন বৰাই প্ৰয়াত পিতৃৰ নামত স্থাপন কৰা গৃহৰ বাবেও অনুদান দিছিল ৰকিবুলে৷ তথাপি তেওঁ ভূপেন বৰাৰ ফৈদৰ নহয়৷
আনহাতে কংগ্ৰেছৰ সকলো মুছলমান বিধায়ককে নিজৰ ফলীয়াও কৰি লৈছিল ৰকিবুলে৷ কাৰিকৰী কাৰণত অৱশ্যে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাটো সহজ নাছিল৷ সেয়ে হাইকমাণ্ডৰ ওচৰত ৰকিবুলে আগুৱাই দিছিল গৌৰৱক৷
অৱশেষত ৰকিবুলৰ আশা পূৰণ হৈছে৷ গতিকে গৌৰৱৰ পদাভিষেক কোনোপধ্যে একমাত্ৰ তেওঁৰে বিজয় নহয়৷ এয়া হৈছে ৰকিবুল পাৰ্টীৰ বিজয়৷ এতিয়াৰ পৰা কংগ্ৰেছত হিন্দু বিধায়কৰ ফৈদটো দুৰ্বল হৈ পৰিল৷
অৱশ্যে ৰকিবুলে বিচৰামতে গৌৰৱে কিমানদূৰ কাম কৰে সেয়া অনিশ্চিত৷ কিয়নো বিগত সময়ত ৰকিবুলৰ শক্তিৰেই কলিয়াবৰত জিকিলেও গৌৰৱ হৈ পৰিছিল দুৰ্দান্ত৷ যাৰ বাবে গৌৰৱৰ পছন্দৰ প্ৰাৰ্থীক NSUIৰ নিৰ্বাচনত হৰুৱাবলৈ উঠি-পৰি লাগিছিল ৰকিবুল৷
গতিকে এতিয়া অসম কংগ্ৰেছত দুটাৰ সলনি কেবাটাও ফৈদ সৃষ্টি হোৱাৰো আশংকা আছে৷ অৱশ্যে সকলো নিৰ্ভৰ কৰিব গৌৰৱৰ দক্ষতাৰ ওপৰত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial