বিজেপিৰ সৈতে লেটি-পেটিৰ পৰা মুক্ত হ’ল APCC

কিয় সফল হ’ব গৌৰৱ গগৈ
কিয়নো গৌৰৱৰ লেটি-পেটি নাই
বিগত সময়ত কংগ্ৰেছৰ সভাপতি আছিল ভুবনেশ্বৰ কলিতা৷ তেওঁ বৰ্তমান বিজেপি সাংসদ৷ ৰিপুন বৰাও কংগ্ৰেছ এৰি তৃণমূলত সোমাইছিল৷ গতিকে APCCৰ প্ৰাক্তন সভাপতিসকল আচল কংগ্ৰেছীয়েই নাছিল৷ গৌৰৱ সেই অভিযোগৰ পৰা মুক্ত৷
গৌৰৱ গগৈৰ একো লেটি-পেটি নাই৷ বিজেপিৰ সৈতে গোপন সম্পৰ্ক বজাই ৰখাৰ অভিযোগৰ পৰা গৌৰৱ মুক্ত৷ ভূপেন বৰাই যেনেদৰে নৱ তালুকদাৰ নামৰ সহযোগীৰ জৰিয়তে বিজেপিৰ সৈতে দৰদাম কৰি আছিল, কংগ্ৰেছ সেইধৰণৰ কাণ্ডৰ পৰা মুক্ত হ’ব বুলি আশা কৰিব পাৰি৷
অৱশ্যে তাৰ বাবে গৌৰৱে নৱ তালুকদাৰ, জনৈক আহমেদৰ নেতাক বৰঘৰৰ পৰা উলিয়াই দিব লাগিব৷ সেই কামটো হ’ব কংগ্ৰেছৰ প্লাছ পইণ্ট৷
কিন্তু গৌৰৱ কিয় বিফল হ’ব?
এই আশংকাৰ কাৰণ হৈছে গৌৰৱৰ কৃপণালী৷ কংগ্ৰেছৰ অভ্যন্তৰত গৌৰৱ গগৈ ১ নম্বৰ চিপছ (চিপ-ছ বুলি পঢ়িবা) পৰিচিত৷ যোৰহাটৰ নিৰ্বাচনৰ সময়ত মটৰ চাইকেল ৰেলী উলিওৱা যুৱকক পানী খাবলৈ তেওঁ ২০ টকা দিয়াৰো উদাহৰণ আছে৷
মুঠতে গৌৰৱৰ পকেটৰ ফালে হাতেই নাযায়৷ ঘনিষ্ঠ সূত্ৰৰ মতে ৰাজনীতি কৰিলে যে পইচা খৰচ কৰিব লাগে সেয়া গৌৰৱে নাজানে৷ কিয়নো জীৱনৰ প্ৰথম কালছোৱাত পিতৃ তৰুণ গগৈৰ বাবে তেওঁৰ হৈ ধন খৰচ কৰিবলৈ বহুতো লোক সাজু আছিল৷ কিন্তু এতিয়াও গৌৰৱে পইচা খৰচ কৰিবলৈ মন নকৰে৷ সেই কৃপণালী গৌৰৱে এৰিব লাগিব৷
যদি চাহাবী ভেম এৰি গৌৰৱে প্ৰকৃতাৰ্থত সংগঠন কৰে তেন্তে কংগ্ৰেছ সফল হ’ব৷ কিয়নো তৃণমূলত এতিয়া কংগ্ৰেছৰ নেতা নাই, ভোট কিন্তু আছে৷
ইতিবাচকভাৱে মুখ্যমন্ত্ৰীয়ে যিমানে গৌৰৱক সমালোচনাৰ লক্ষ্য কৰি লৈছে, সিমানে আহোম ভোটাৰৰ মাজত তেওঁৰ প্ৰতি সহানুভূতি বাঢ়িছে৷ সেয়াও গৌৰৱৰ বাবে প্লাছ পইণ্ট৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial