তৰুণ গগৈৰ মৃত্যুকামনা কৰিছিল চন্দনে

গৌৰৱৰ সৈতে যিজন প্ৰদীপ সৰকাৰক APCCৰ কাৰ্যকৰী সভাপতি পতা হৈছে, তেওঁৰ পিতৃ আছিল চন্দন সৰকাৰ৷ বৰ্তমান প্ৰদীপে প্ৰতিনিধিত্ব কৰা দক্ষিণ অভয়াপুৰীৰে অখণ্ড প্ৰতাপী নেতা আছিল চন্দন সৰকাৰ৷ কিন্তু তেওঁ শেষ সময়ত তৰুণ গগৈক বেইমানি কৰিছিল৷
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিসম্বাদ আৰম্ভ হোৱা সময়ত চন্দন সৰকাৰে তৰুণ গগৈৰ বিৰোধিতা কৰিছিল৷ তৰুণ গগৈয়ে কৈছিল- আমেৰিকাৰ পৰা উভতি অহা হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হোৱা নেতাসকলৰ অন্যতম আছিল চন্দন সৰকাৰ৷
সেইজন চন্দন সৰকাৰক তৰুণ গগৈয়ে কিন্তু সংসদীয় সচিব পাতিছিল৷ কিন্তু খঙৰ ভমকত চন্দন সৰকাৰে পদত্যাগো কৰিছিল৷ সংসদীয় সচিব গুৰুত্বহীন পদবী বুলি কৈ দিছিল চন্দনে৷ তেওঁ দলিয়াই দিছিল ফাইল৷
তাৰ পিছতে এইখন সভাত তৰুণ গগৈৰ মৃত্যুকামনা কৰিছিল চন্দন সৰকাৰে৷ বৰাকত অনুষ্ঠিত সভাত চন্দন সৰকাৰে তৰুণ গগৈৰ মৃত্যুকামনাৰ দৰে নিকৃষ্ট ৰাজনীতি কৰিছিল৷ কিন্তু গড্ডাৰ হৈয়েই থাকি গৈছিল চন্দন সৰকাৰ৷
তেওঁ শেষ সময়ত বিসম্বাদী ফৈদকো বেইমানি কৰিলে৷ তৰুণ গগৈক দিল্লীয়ে সৰ্বোচ্চ কৰ্তৃত্ব দিয়া সময়ত সৰকাৰ হঠাতে কইনাধৰাত উপস্থিত হ’ল৷ আকৌ গগৈলৈ সমৰ্থন ঘোষণা কৰি তেওঁ হ’ল মন্ত্ৰী৷ তৰুণ গগৈ চৰকাৰৰ শেষৰ সময়ছোৱাত চন্দন সৰকাৰে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে৷
অকালতে মৃত্যুবৰণ কৰা সেইজন চন্দন সৰকাৰৰে পুত্ৰ হৈছে প্ৰদীপ সৰকাৰ৷ যাক দিল্লীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে৷ অৰ্থাৎ প্ৰদীপ সৰকাৰে এতিয়াৰ পৰা গৌৰৱৰ সহযোগী হিচাপে কংগ্ৰেছ চলাব৷ ভাষিক সংখ্যালঘুৰ প্ৰতিনিধি হিচাপে থাকিব প্ৰদীপ৷
কিন্তু খেলখন ইমান সহজ নহয়৷ কাৰণ বিগত সময়ত কংগ্ৰেছ ত্যাগ কৰিব পৰা বিধায়কসকলৰ ভিতৰৰ অন্যতম নাম আছিল প্ৰদীপ সৰকাৰ৷ সেয়ে গৌৰৱৰ সহযোগী হিচাপে প্ৰদীপ নিশ্চয় বিশ্বাসযোগ্য নহয়৷ এদিশে বিজেপি নেতা আক্লিয়াছ তিৰ্কীৰ কন্যা ৰ’জলীনা আৰু আনদিশে প্ৰদীপ সৰকাৰক লৈ কংগ্ৰেছ চলাব লাগিব গৌৰৱে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial