ঘৰতে প্ৰেছাৰ জোখাৰ অভ্যাসো হ’ব পাৰে ঘাতক

অনলাইনত অৰ্ডাৰ দি প্ৰায়বোৰ মানুহে ঘৰতে গোটাই লৈছে প্ৰেছাৰ জোখা ডিজিটেল মেচিন ঘৰতে ব্লাড প্ৰেছাৰ জুখিবলৈ অসমৰ প্ৰায়সমূহপৰিয়ালৰে আছে বিশেষ যন্ত্ৰবিধ ঘৰতে সজুলিবিধ থকাৰ ফলত হকে-বিহকে প্ৰেছাৰ জুখি থকাৰো অভ্যাস হৈছে বহুতৰে কিন্তু এই অভ্যাসে মাতিছে বিপদ চিকিৎসকৰ বিশ্লেষণ অনুসৰি ডিজিটেল মেচিনত দৈনিক কেবাবাৰো প্ৰেছাৰ জোখাৰ ফলত বাহুৰ স্নায়ু দুৰ্বল হৈ পৰে ফলত দেহৰ স্নায়ুতন্ত্ৰ প্ৰভাৱিত হৈ পৰে৷ এই সমস্যাই ফলত প্ৰথমাৱস্থাত অনিদ্ৰাজনিত সমস্যাৰ সৃষ্টি কৰে বৈজ্ঞানিক বিশ্লেষণ অনুসৰি সদায় কেবাবাৰো ৰক্তচাপ পৰীক্ষাৰ ফলত বাউসীৰ সিৰ কোঁচ খায়ো যাব পাৰে কেৱল এয়াই নহয়, সদায় প্ৰেছাৰ জোখাৰ অভ্যাসৰ ফলত সৃষ্টি হ’ব পাৰে মাংসপেশীৰ সমস্যা৷ ইতিমধ্যে অসমত এনে ৰোগত ৰোগী আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰিছে প্ৰতিদিনে ডিজিটেল মেচিনত প্ৰেছাৰ পৰীক্ষা কৰাৰ বদভ্যাসে হাতত মাংসপেশী শিথিল কৰি পেলায় বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল বাৰুকৈ এনে সমস্যাত আক্ৰান্ত হয় বাউসীৰ চৰ্মৰোগৰো কাৰণ হৈ পৰিব পাৰে প্ৰেছাৰ জোখাৰ অভ্যাস ভিন্ন সময়ত প্ৰেছাৰ জুখি থকাৰ অভ্যাসে ছালৰ ৰোগ সৃষ্টি কৰিব পাৰে তদুপৰি বহুসময়ত বেটাৰীযুক্ত মেচিনৰ বিভ্ৰান্তিকৰ ফলাফলে উদ্বিগ্ন কৰি তোলে ৰোগীক গতিকে পৰিহাৰ কৰক হকে-বিহকে প্ৰেছাৰ জুখি থকাৰ অভ্যাস

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial