কংগ্ৰেছৰ অস্ত্ৰ ভাণ্ডাৰৰ শেষ পাশুপাত নিক্ষেপ

অজিত কুমাৰ ভূঞাক ব্যক্তিগতভাৱেহে সন্মান কৰে, কিন্তু ক্ষমতাৰ ভাগ নিদিয়ে গৌৰৱ গগৈয়ে৷ একেদৰে লুৰীণজ্যোতি আৰু অখিল গগৈকো গৌৰৱে দিছপুৰত সোমাবলৈ নিদিয়ে৷ গতিকে গৌৰৱ APCCৰ সভাপতি হোৱাৰ পিছতে মিত্ৰজোঁটৰ ৰাজনীতিৰ যথাৰ্থতে অৱসান ঘটিছে৷
লিলি হোটেলত মিটিং পতা অধ্যায়ো এতিয়াৰ পৰা শেষ হৈছে৷ কাৰণ গৌৰৱে মিত্ৰজোঁটৰ ৰাজনীতিত বিশ্বাস নকৰে৷ ৰাইজৰ দল, AJP আদিৰ সৈতে একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ গৌৰৱ আগৰে পৰা অনিচ্ছুক৷ যোৱা উপ-নিৰ্বাচনৰ সময়ত গৌৰৱে বিহালীত এই কথাটো দেখুৱাই দিছে৷
অজিত ভূঞা আৰু লুৰীণ-অখিলক এৰি গৌৰৱে এতিয়াৰ পৰা কৰিব একক সংগঠন৷ তেওঁ অসম নামৰ মিত্ৰজোঁটক গুৰুত্ব নিদিয়ে৷ দেউতাক তৰুণ গগৈয়ে কৈছিল
মই বিৰাট ভুল কাম এটা কৰিলোঁ
BTCত হাগ্ৰামাৰ সৈতে দীৰ্ঘদিনীয়া মিত্ৰতাৰ ফলত কেবাখনো জিলাত কংগ্ৰেছৰ সংগঠন নোহোৱা হৈ গ’ল৷ সেয়ে মিত্ৰতাৰ ৰাজনীতিৰ পৰা গৌৰৱ দূৰতে বিদূৰ৷ সেয়ে লিলি অধ্যায়ৰ অৱসান ঘটিছে৷
আনহাতে গৌৰৱ কিন্তু কংগ্ৰেছৰ অসমীয়া ৰাজনীতিৰ অন্তিমপাত অস্ত্ৰ৷ যদি গৌৰৱকো অসমৰ মূলসুতিৰ ভোটাৰে আকোৱালি নলয়, তেন্তে কংগ্ৰেছৰ উত্থান ঘটাব পৰা কোনো নেতাই অসমত নাই৷
সেয়ে এইবাৰেই নিৰ্ধাৰণ হ’ব কংগ্ৰেছৰ ভাগ্য৷ যদি গৌৰৱে পাৰে, তেতিয়াহে কংগ্ৰেছৰ উত্থান ঘটিব৷ অন্যথা শেষ হৈ যাব কংগ্ৰেছ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial