এইবাৰো ৰাজীৱ ভৱনত সোমাল বিজেপি এজেণ্ট

গৌৰৱৰ লেফটেনেণ্টেই বিজেপিৰ এজেণ্ট
আকৌ বিজেপিৰ এজেণ্টক APCCত বৰপীৰা
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কমলাক্ষ দে’ পুৰকায়স্থই৷ একদৰে যোৱা নিৰ্বাচনত কংগ্ৰেছৰ পৰা জিকি সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগ কৰাৰ সময়ত বুজাবলৈ গৈছিল ৰাণা গোস্বামী৷ ওপৰত নাম উল্লেখ কৰা দুয়োজনেই আছিল ভূপেন বৰাৰ লেফটেনেণ্ট৷ কিন্তু এজনো ভূপেন বৰাৰ সৈতে নাথাকিলে৷
তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰিলে৷ ৰাণা গোস্বামীয়ে দেখদেখকৈ কংগ্ৰেছ এৰিলে৷ কমলাক্ষ হৈ থাকিল উভচৰ বিধায়ক৷ দুজন কাৰ্যকৰী সভাপতিকে মেইন মানুহ ভূপেন বৰাই ৰাখিব নোৱাৰিলে৷
এইবাৰো ঘৰশত্ৰুকে কংগ্ৰেছে কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিলে৷ দলৰ নতুন কাৰ্যকৰী সভাপতি হিচাপে নিযুক্ত ৰ’জলীনা তিৰ্কীৰ দেউতাক আক্লিয়াছ তিৰ্কী বৰ্তমানলৈ কিন্তু বিজেপি নেতা৷
সৰুপথাৰ সমষ্টিৰ পূৰ্বৰ কংগ্ৰেছী বিধায়ক আক্লিয়াছে বছৰচেৰেক পূৰ্বেই বিজেপিত যোগ দিছিল৷ ভেকুলী বিধায়ক হোৱাৰ কলংকৰ পৰা ৰ’জলীনাও মুক্ত নহয়৷ পিতৃৰ দৰে তেৱোঁ আছিল গোলাঘাটৰ সৰুপথাৰ সমষ্টিৰ বিধায়িকা৷ তেতিয়া হঠাতে এদিন ৰ’জলীনা বিজেপি কাৰ্যালয়ত উপস্থিত হৈছিল৷
সেই সময়তে ৰ’জলীনাই বিজেপিত যোগ দিব বুলি চৰ্চা চলিছিল৷ সেইবাবেই কংগ্ৰেছে তেওঁক যোৱা নিৰ্বাচনত দিছিল কাজিৰঙাৰ টিকট৷ সেইবাৰ হাতৰ প্ৰতীকত নিৰ্বাচন খেলিছিল যদিও এটা ভৰি বিজেপিতে আছিল ৰ’জলীনাৰ৷ অৰ্থাৎ তেওঁ আছিল হাফ কংগ্ৰেছীহে৷
এইগৰাকী নেত্ৰীকে চাহ জনজাতিৰ ভোটৰ আশাত কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ ভাৰ প্ৰদান কৰিলে৷ নিজৰ জনজাতিৰ মাজতে কোনো জনপ্ৰিয়তা নথকা ৰ’জলীনাই হাফ কংগ্ৰেছী হিচাপে বিজেপিক কংগ্ৰেছৰ খবৰ যে নিদিব তাৰ নিশ্চিতি নাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial