ফুট গধূলিতেই ৰে’ল হৈ পৰে চলন্ত বেশ্যালয়
অনা-অসমীয়া পতিতাই ৰে’লতে কৰে দেহ ব্যৱসায়
আন নালাগে, মুৰ্কংচেলেকৰ পৰা ডেকাৰগাঁও অভিমুখী ৰে’লত সন্ধিয়া উঠে এদল বেশ্যা৷ এইসকলে কিন্তু মুঠেও অসমীয়া ক’ব নোৱাৰে৷ কেইটামান বিশেষ ষ্টেশ্যনত ৰৈ থাকে অচিনাকী মহিলা৷ তাৰ পৰাই চলন্ত ৰে’ল হৈ পৰে বেশ্যালয়৷
কেবাজনো যাত্ৰীয়ে অভিযোগ কৰিছে যে চলন্ত ৰে’লৰ বাথৰূম আন্ধাৰ হোৱাৰে পৰা বেশ্যালয়লৈ পৰ্যৱসিত হয়৷ তেতিয়া সাধাৰণ যাত্ৰীয়ে বাথৰূমত সোমাব নোৱাৰে৷ মুনিহ-তিৰোতাই ৰে’লৰ বাথৰূমত কৰে কামলীলা৷ অচিনাকী মহিলাক ধনৰ বিনিময়ত বন্দৱস্ত কৰি এদল যাত্ৰীয়ে বাথৰূমতে কামনা চৰিতাৰ্থ কৰে৷
এই কাণ্ড ৰঙাপৰা জংছনলৈ চলি থাকে৷ সেই ৰে’লখনত আকৌ চিলাপথাৰত উঠে সৰ্বাধিকসংখ্যক যাত্ৰী৷ কিন্তু সচৰাচৰ সন্ধ্যা ৰে’লখন নিৰ্দিষ্ট সময়ৰ পিছত কিছু খালী হৈ পৰে৷ তাৰে সুযোগ লয় বেশ্যাৰ দলে৷ যাত্ৰীয়ে জনোৱা মতে দেহ ব্যৱসায়ীৰ গ্ৰাহকৰ ভিতৰতো বেছিভাগ হৈছে অনা-অসমীয়া৷ কামৰ খাতিৰত অহা-যোৱা কৰি থকা হিন্দীভাষীয়ে ৰে’লৰ পৰিৱেশ জঘন্য কৰি তুলিছে৷ ৰে’লখনৰ বাথৰূমত প্ৰতিদিনে দেখা যায় কনড’ম৷
সদায়েই এনে পৰিৱেশৰ বাবে বিশেষ কামত ৰে’লেৰে আহ-যাহ কৰিবলৈ অসুবিধা পোৱা হৈছে অসমীয়া যাত্ৰীয়ে৷ উত্তৰ পাৰৰ জনতাৰ সুবিধাৰ্থে আৰম্ভ কৰা ৰে’লখন নিৰ্দিষ্ট সময়ৰ পিছত অনা-অসমীয়াই চলন্ত ৰেড লাইট এৰিয়া কৰি পেলাইছে৷
অসমৰ সমাজ জীৱনত ঘৃণনীয় কাণ্ডৰ বাবে অতিষ্ঠ হৈছে জনতা৷ তেওঁলোকে সোধা-পোছাও কৰিছে ৰে’লত উঠা পতিতাক৷ কিন্তু খাল খান্দি ঘঁৰিয়াল চপাবলৈয়ো ভয় কৰিছে সাধাৰণ যাত্ৰীয়ে৷
ৰে’লত উঠিবলৈয়েই লাজ লগা হৈছে
