দিল্লীৰ পৰা খেদা খাই অসমত সোমাইছে বাংলাদেশী!

দিল্লীকে ধৰি উত্তৰ ভাৰতত যিমানেই বাংলাদেশী বিতাৰণ বাঢ়িছে, অসমত সিমানে সোমাইছে সন্দেহজনক বহিৰাগত৷ সীমান্তত পুলিচে ধৰি দুই-একক ওভতাই পঠিয়াইছে, কিন্তু ৰে’লেৰে অসমত প্ৰৱেশ কৰিছে সন্দেহযুক্ত নাগৰিকে৷ যোৱা দুমাহৰ ভিতৰত অসমমুখী ৰে’লৰ টিকট কটা লোকসকলৰ নাম পৰীক্ষা কৰিলেই এই কথাটো ওলাই পৰিব৷
মৰিগাঁৱত ৯ জন, তেজপুৰত ছজনৰ উপৰি শিৱসাগৰতো ১১ জন সন্দেহজনক বাংলাদেশীৰ অৱস্থান ধৰা পৰাৰ কাৰণো এইটোৱেই৷ অসমীয়াই গমেই পোৱা নাই, বাংলাদেশীয়ে এইবাৰ ৰে’লেৰে সোমাই সিন্ধি খান্দিছে৷
ধুবুৰী আৰু বৰাক সীমান্তত নিৰাপত্তা কঠোৰ কৰা হৈছে৷ কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত গোটেইবোৰ হৈ পৰিছে ধোবাংবাং৷ কিয়নো দিল্লীত বিজেপি চৰকাৰ হোৱাৰ পিছত আৰম্ভ হৈছে বাংলাদেশী বিতাৰণ৷ গুজৰাটতো বিদেশী বুলি চিনাক্ত কৰা নাগৰিকক ধৰা হৈছে৷ সেইবোৰৰ বহুতেই আৰক্ষীৰ জিম্মাৰ পৰা পলাই পত্ৰং দিছে৷
ৰে’লত উঠি সন্দেহজনক বিদেশীয়ে অসমত প্ৰৱেশ কৰিছে৷ NF ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা দুমাহৰ ভিতৰত উত্তৰ ভাৰতৰ পৰা অসমলৈ অহা বেছিভাগ যাত্ৰীয়েই হৈছে সন্দেহযুক্ত লোক৷ দিল্লী, গুজৰাট আদিৰ পৰা খেদা খোৱা লোকে ভিন্ন পথেৰে অসমত প্ৰৱেশ কৰিছে৷ অসম হৈ পৰিছে সন্দেহজনক বহিৰাগতৰ বাবে সুৰক্ষিত আৱাস৷
সেইসকল লোকেই উজনিৰ পৰা নামনিলৈ বাহৰ পাতিছে৷ এজেণ্টৰ জৰিয়তে সন্দেহজনক লোকে সংগ্ৰহ কৰিছে ভুৱা প্ৰমাণপত্ৰ৷ তাৰ লগে লগে শিৱসাগৰতো আশ্ৰয় লাভ কৰিছে বহিৰাগতই৷
অসমীয়া আৰু অনা-অসমীয়াৰ নামত অৰ্থহীন যুঁজ চলি থকাৰ সুযোগ লৈছে সন্দেহজনক প্ৰব্ৰজনকাৰীয়ে৷ সেইবোৰ কাকতী ফৰিঙৰ দৰে অসমত সোমাইছে৷
এইবাৰ বাংলাদেশীয়েও সলনি কৰিছে সিন্ধি মৰাৰ প্ৰক্ৰিয়া৷ অসম চৰকাৰে শ্ৰীভূমি আৰু ধুবুৰীত নিৰাপত্তা কঠোৰ কৰিলেও লাভ নাই৷ ৰে’লেৰে আহিছে সন্দেহজনক লোক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial