তিনিমাহে বেয়া হৈ আছে ইঞ্জিন
বিকল ইঞ্জিনৰ নাৱতে ভৰা ব্ৰহ্মপুত্ৰ পাৰাপাৰ হৈছে মাজুলীবাসী
যিকোনো মুহূৰ্ততে আকৌ সংঘটিত হ’ব পাৰে এটা ভয়াৱহ ঘটনা৷ একমাত্ৰ বিভাগীয় অমনোযোগিতাৰ বাবে ভৰা ব্ৰহ্মপুত্ৰৰ মাজত পুনৰাই অঘটন হোৱাটো অনিবাৰ্য৷ কাৰণ নিমাতিঘাটৰ পৰা মাজুলীলৈ চলা চৰকাৰে ফেৰীৰ ইঞ্জিন যোৱা চাৰিমাহে বিকল হৈ আছে৷ এই কথাটো ড্ৰাইভাৰে কৰ্তৃপক্ষকো জনাইছে৷
কিন্তু বেয়া ইঞ্জিনৰ ফেৰীয়েই চলাই থাকিবলৈ চালকক বাধ্য কৰাইছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ নাম প্ৰকাশত অনিচ্ছুক ড্ৰাইভাৰ এজনে প্ৰকাশ কৰা মতে চাৰিমাহ পূৰ্বেই এখন ফেৰীৰ ইঞ্জিনত বিজুতি ধৰা পৰিছিল৷ লগে লগে তেওঁ কথাটো কৰ্তৃপক্ষক জনাইছিলোঁ৷ কিন্তু কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে৷
সেই বেয়া ইঞ্জিনটো কেতিয়াবা নদীৰ মাজতে নচলা হৈ পৰে৷ যোৱা ১১ এপ্ৰিলত বিশাল ফেৰীয়ে গুটীয়া নাৱত খুন্দিয়াই নিমাতীঘাটত তাণ্ডৱৰ সৃষ্টি কৰিছিল৷ তেতিয়াও ইঞ্জিনটো বিকল হৈ পৰিছিল বুলি চালকজনে আমাক অৱগত কৰিছে৷ তেওঁ প্ৰকাশ কৰিছে যে কাৰিকৰী দুৰ্বলতাসত্ত্বেও বিভাগে ফেৰীখন চলাবলৈ চালকক বাধ্য কৰাইছে৷
এই কথাটোৰ বিষয়ে ঘূণাক্ষৰেও মাজুলীৰ ৰাইজক জানিবলৈ দিয়া নাই৷ গাড়ীকে ধৰি কেবাশ টন ওজন কঢ়িয়াই নিমাতীঘাট আৰু মাজুলীৰ মাজত সদায় চলাচল কৰা ফেৰীৰ ইঞ্জিনৰ দৰাচলতে ম্যাদো উকলি গৈছে৷ সেয়ে দুৰ্বল হৈ পৰিছে ফেৰী৷ পিছে ইঞ্জিন সলনি কৰিবলৈ চৰকাৰী বিভাগে গুৰুত্ব দিয়া নাই৷
বাৰিষা ভৰা ব্ৰহ্মপুত্ৰত টুলু-ভুটুংকৈ চলি আছে দুৰ্বল ইঞ্জিনৰ ফেৰী৷ ডিজেল ইঞ্জিন খৰচ কৰিলে খৰচ হোৱাৰ ভয়ত মাজুলীৰ ৰাইজক মৰিবলৈ এৰি দিছে চৰকাৰী বিভাগে৷ ২০২১ চনৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছত আকৌ ফেৰীৰ সকলো যাত্ৰীকে পিন্ধিবলৈ দিয়া হৈছিল লাইফ জেকেট৷
সেইবোৰো বৰ্তমান চৰকাৰী গুদামত পচি গৈছে৷ কেতিয়াও যাত্ৰীয়ে পোৱা নাই সুৰক্ষা সামগ্ৰী৷ টুলুং ভুটুং নাৱত উঠি মাজুলীৰ পৰা যোৰহাটলৈ গৈছে সাধাৰণ জনতা৷ তেওঁলোকৰ প্ৰাণৰ নাই মূল্য৷ এফালে দলং নিৰ্মাণৰ কামো বিলম্ব হৈছে, আনফালে বিকল ইঞ্জিনতে ভৰা নদী পাৰাপাৰ হ’বলগীয়া হৈছে জনতা৷
কেতিয়া অঘটন হয় একো ঠিক নাই
