অসম জাতীয় পৰিষদৰ বোকাখাত কাৰ্যালয়ত নিজ হাতে তলা লগাই ইতিমধ্যে দলৰ সৈতে সম্পৰ্ক ত্যাগ কৰিছে কাজিৰঙাৰ ৰজা জিতেন গগৈয়ে৷ বোকাখাতৰ প্ৰাক্তন বিধায়ক, অজাপৰ ৰাজ্যিক উপ-সভাপতি জিতেন গগৈ আকৌ হৈ পৰিছে দলবিহীন৷
পঞ্চায়ত নিৰ্বাচনত AJP বিধ্বস্ত হোৱাৰ বাবে হতাশ জিতেনক কিন্তু কিছুদিন পূৰ্বে উভতি ধৰিছিল AJPৰ যুৱ কৰ্মীয়ে৷ প্ৰাক্তন বিধায়কজনৰ দল ত্যাগত AJPৰ ক্ষতি নহয় বুলি তেওঁলোকে দাবী কৰিছে৷
সুবিধাবাদী বুলি ঠাট্টা কৰি কাজিৰঙাৰ ৰজা জিতেনক দলীয় কৰ্মকৰ্তাই প্ৰত্যাহ্বান জনাইছে৷ কিন্তু AJP ত্যাগৰ পিছত জিতেনৰ ভৱিষ্যতো অনিশ্চিত হৈ পৰিল৷ কিয়নো তেওঁৰ সতীৰ্থ প্ৰায়বোৰ নেতাই ৰাজনৈতিক সংস্থাপন ইতিমধ্যে লাভ কৰিছে৷ জিতেন গগৈৰ সমসাময়িক ছালফা কুশল দুৱৰীয়েও বিজেপিলৈ বাট পোনাইছে৷
কিন্তু ৰাজনৈতিকভাৱে অস্তিত্বহীন হৈ পৰিছে৷ বোকাখাত নিৰ্মাণ গোটৰ জৰিয়তে দুবাৰ বিধায়ক হ’লেও তেওঁৰ যে ৰাজনৈতিক ম্যাদ উকলি গৈছে সেয়া প্ৰমাণ কৰিছে পঞ্চায়তৰ নিৰ্বাচনে৷ এতিয়া বোকাখাতবাসীয়ে কাজিৰঙাৰ ৰজাৰ কথা নুশুনে বুলিও নিশ্চিত হৈছে৷
সেয়ে শেষত AJP ত্যাগ কৰি তেওঁ বীৰত্ব প্ৰদৰ্শন কৰিছে৷ এই ফলাফলে প্ৰমাণ কৰিছে জিতেন গগৈৰ ৰাজনৈতিক অৱসান৷ তেওঁ যে এতিয়া কেৱল অচল মুদ্ৰা সেয়া প্ৰতিপন্ন হৈ গৈছে৷
কাজিৰঙাৰ ৰজাক ওফৰাই দিলে জনতাই
