অসমত নোহোৱাই হৈছে কুঁহিয়াৰ উৎপাদন৷ একালত সাত পো তেৰ নাতিৰে বিঘাই বিঘাই মাটিত কুঁহিয়াৰ খেতি কৰা অসমীয়াই ছাৰেণ্ডাৰ কৰি দিছে৷ গতিকে বৰ্হিৰাজ্যৰ পৰা অনা গুড়ে বৰ্তাই ৰাখিছে অসমৰ বজাৰখন৷
প্ৰধানত: অসমৰ কার্বি আংলং, শোণিতপুৰ, নগাঁও, ডিমা হাচাও আৰু গোলাঘাটত কুঁহিয়াৰৰ খেতি সৰ্বাধিক হাৰত কৰা হৈছিল৷ কিন্তু বিগত ১০ বছৰত নগাঁৱতে কুঁহিয়াৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ ৪,৫৯৮ হেক্টৰ হ্রাস পায়।
পূৰ্বে নগাঁৱৰ ফুলগুৰি বজাৰত ঘৰুৱাকৈ পেৰা কুঁহিয়াৰৰ পৰা উৎপাদিত গুড়ৰ শাৰী শাৰী টিং বিক্ৰী হৈছিল। গোলাঘাটৰ বিখ্যাত ৰহদৈয়াতো গুড়ৰ উৎপাদন নোহোৱাই হৈ পৰিল৷
খেতিয়কে জনোৱা মতে প্ৰধানত: তিনিটা কাৰণত কমিছে কুঁহিয়াৰ খেতি৷ বিশেষকৈ পূৰ্বৰ দৰেই কুঁহিয়াৰ খেতি কৰি গুড় উৎপাদন কৰাটো খৰচী হৈ পৰিছে৷ উৎপাদন ব্যয় লাভৰ তুলনাত কমিছে৷ কুঁহিয়াৰৰ খেতিত সাধাৰণতে অধিকসংখ্যক লোকৰ প্ৰয়োজন হয়৷
এতিয়া খেতিৰ বাণিজ্যিকীকৰণ নোহোৱাৰ বাবে লভ্যাংশ নিম্নগামী হৈছে৷ মেচিনেৰে কুঁহিয়াৰ পেৰি গুড় উৎপাদন কৰালৈয়ে খৰচ কৰিবলগীয়া হৈছে লাখৰ ঘৰত টকা৷
একেদৰে হাতীৰ উপদ্ৰৱে কুঁহিয়াৰ খেতিয়কক বিপৰ্যস্ত কৰিছে৷ কুঁহিয়াৰনীত সোমাই হাতীয়ে লণ্ড-ভণ্ড কৰিছে খেতি৷ হাতীৰ বাবে এবাৰতে অপূৰণীয় ক্ষতি হৈছে খেতিয়কৰ৷
আন এক সমস্যা হৈছে বান্দৰৰ৷ এইবিধ প্ৰাণীয়ে কুঁহিয়াৰ গছ ছিঙি-মোহাৰি তাণ্ডৱৰ সৃষ্টি কৰে৷ গতিকে ৰাইজে লোকচানৰ ভয়ত খেতি কৰিবলৈয়েই বাদ দিছে৷ যদি চৰকাৰে সহায় কৰে তেন্তে কুঁহিয়াৰ খেতিৰ জৰিয়তে অসমৰ এচাম লোকে ধন আয় কৰাটো সম্ভৱ৷
অসমীয়াৰ ঘৰত নোহোৱা হ’ল সাত পো, তেৰ নাতি
