লাট মণ্ডলে খাই দিছে সাধাৰণ মানুহৰ কলিজা

অসমত চহকী মানুহ মাত্ৰ কেইজনমানেই আছে
সেইসমূহ হৈছে অসমৰ মণ্ডলসকল
লাট মণ্ডলৰ চাকৰি কৰা প্ৰতিজন লোকৰে আছে বিশাল সম্পত্তি৷ চৰকাৰে অলেখ নিয়ম প্ৰৱৰ্তন কৰিছে৷ কিন্তু মণ্ডলে ঘোচ খোৱাটো বন্ধ কৰিব পৰা নাই৷ কেতিয়াবা ১০ হাজাৰ টকা ঘোচ খোৱা মণ্ডল গ্ৰেপ্তাৰ হৈছে৷ তথাপি মণ্ডল মানেই কন্দল কথাটো সত্য হৈয়েই ৰৈছে৷
অসমত ফ’ৰলেন নিৰ্মাণৰ সময়তে ৮০ শতাংশ মণ্ডলে গঢ়িলে সম্পত্তিৰ পাহাৰ৷ যিহেতু মাটি-বাৰীৰ সীমা নিৰ্ধাৰণৰ অধিকাৰ তেওঁলোকৰে, সেয়ে ফ’ৰলেন নিৰ্মাণৰ সময়ত বেছিভাগ মণ্ডলেই পাৰেমানে ঘোচ খালে৷
মাটিৰ মালিকেও ফ’ৰলেনৰ টকা বেছিকৈ পাবলৈ মণ্ডলক ঘোচ দিলে৷ সেইমতে মণ্ডলেও পালে টকাৰ ভাগ৷ ফ’ৰলেন নিৰ্মাণ হোৱা অসমৰ সকলো ঠাইতে একেটা ঘটনা কোনেও নুই কৰিব নোৱাৰে৷ সেইদৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ত বেজিচোৰহে ধৰা পৰিছে৷ আচল ধুৰন্ধৰ লাট মণ্ডলে এতিয়াও টকা খায়েই আছে৷
চৰকাৰে অনলাইনৰ ব্যৱস্থা কৰিছে৷ কিন্তু একোৱেই কামত অহা নাই৷ মণ্ডলৰ কামত টকা দিয়াটো নিয়ম বুলিয়েই ভাবি লৈছে ৰাইজে৷ মাটি-বাৰীৰ সীমা নিৰ্ধাৰণৰ কাম মণ্ডলৰ বাবে খীৰতি গাইৰ দৰেই হৈ আছে৷ চৰকাৰী কঠোৰতা একোৱেই কামত অহা নাই৷
বসুন্ধৰাৰ দৰে আঁচনিতো সুৰুঙা উলিয়াই লৈছে মণ্ডলে৷ তেওঁলোকে চৰকাৰী কাম ঠিকেই আগবঢ়াই নিয়ে৷ কিন্তু শেষৰ ছীলটোৰ বাবে মাটিৰ মালিকক নচুৱাই থাকে৷ উপায়ন্তৰ হৈ গঞা ৰাইজ ঘোচ দিবলৈ বাধ্য হয়৷ অফিচত ঘোচ লোৱাটো বন্ধ কৰিলেও সন্মুখৰ পাণ দোকানত ঘোচ লয় মণ্ডলে৷
আমি নিশ্চিতভাৱে এই কথাটো সকলো মণ্ডলকে কোৱা নাই৷ কিন্তু বেছিভাগেই যে দুৰ্নীতিগ্ৰস্ত সেয়া বাস্তৱ সত্য৷ এই সত্যতা প্ৰতিপন্ন কৰি আমি নদুৱাৰৰ এজন মণ্ডলৰ জালিয়াতি শীঘ্ৰে ফাদিল কৰিম৷ শইকীয়া আৰু পাল উপাধিৰ দুগৰাকী মণ্ডলৰ কৰ্ম-কাণ্ড আমি ৰাইজৰ ওচৰত দাখিল কৰিম৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial