মদ খাই পৰি আছে মাক-দেউতাক

চৰকাৰে যিমান দিলেও চাহ শ্ৰমিকৰ অভাৱ পূৰণ কৰিব নোৱাৰে
ভোটৰ বাবে চাহ শ্ৰমিকক ধন দিয়ে, কিন্তু সেই ধন বেছিভাগেই মদ খাই উৰুৱায় দিয়ে৷ কথাটো শুনিবলৈ বেয়া, কিন্তু এইটোৱেই সত্য৷
চৰকাৰী অনুদানে কোনো শ্ৰমিকৰে অৰ্থনৈতিক অথবা সামাজিক উন্নতি কৰা নাই৷ তেওঁলোকে বেছিকৈ টকা পাই গলাধ:কৰণ কৰিছে হাৰিয়া আৰু জেকপট৷
ৰ’ব, আমি প্ৰমাণৰ সৈতে দেখুৱাও এটা দৃশ্য
এই দৃশ্যটো চাওক
মদৰ নিচাত মহিলাগৰাকী ৰাস্তাৰ কাষতে বাগৰি পৰি আছে৷ তেওঁৰ কাষৰ এঘৰতো একেই দশা৷ দেউতাক মদ খাই কৰ’বাত চেঙালুটি খাই পৰি আছিল৷ তাৰ পৰা তেওঁক বুটলি আনিছে পত্নীয়ে৷ ফলত শিশু কন্যা কেবাদিনো স্কুললৈ যাব পৰা নাই৷ ঘৰত মদাহীৰ তাণ্ডৱ দেখি বিষাক্ত পৰিছে তাইৰ শৈশৱ৷
শিশুটি কিয় স্কুললৈ যোৱা নাই খবৰ কৰিবলৈ ঘৰত উপস্থিত হৈছিল এগৰাকী শিক্ষয়িত্ৰী৷ তেতিয়াই দেখিলে এই দৃশ্য৷ আমি দেখুওৱা ঘটনাটো শোণিতপুৰ জিলাৰ এখন চাহ বাগিচাৰ৷
য’ত প্ৰতিদিনে মদৰ বাবে অঘটন সংঘটিত হৈছে৷ সেয়ে আমি কৈছোঁ- চাহ শ্ৰমিকক আকৌ ৫ হাজাৰকৈ টকা অনুদান দি চৰকাৰে একো সলনি কৰিব নোৱাৰে৷ তাৰ ঠাইত চাহ বাগিচাৰ সামাজিক সংস্কাৰৰ চেষ্টা কৰক৷ অন্যথা শিশুসকলো ৰসাতলে যাব৷ দেশৰ ভৱিষ্যতস্বৰূপ শিশুৱে সদায় দেখি আছে মদাহী মাক-দেউতাকৰ যুদ্ধ৷ গতিকে এই কথাটো চৰকাৰে ভাবিবলৈ হ’ল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial