এয়াই সংসাৰৰ জ্বালা
যিমান যি হ’লেও সহিবই লাগিব
ঘৰৰ কাজিয়া ঘৰতে শেষ নহ’ল৷ গতিকে স্কুটী চলাই যাওতেও গিৰিয়েকক চেণ্ডেলেৰে কোবালে পত্নীয়ে৷ ৰাস্তাতে চেণ্ডেলৰ চৰ খায়ো মনে মনে স্কুটী চলাই গ’ল স্বামীয়ে৷ এই ঘটনাই হাস্যৰসৰ সৃষ্টি কৰিছে৷
বিশেষ ঘটনাটোৰ স্থান আহমেদাবাদ৷ ব্যস্ত চহৰৰ পথেৰে স্কুটীৰে গৈ আছে এক দম্পত্তি৷ হঠাতে বহি যোৱা মহিলাগৰাকীয়ে চালক স্বামীক পিটিবলৈ আৰম্ভ কৰিলে৷ চেণ্ডেল খুলি হাতত লৈ তেওঁ স্বামীক চৰ শোধালে৷ ব্যস্ত পথত কিন্তু একো প্ৰতিক্ৰিয়াই নেদেখুৱালে স্বামীয়ে৷
পিছে পিছে যোৱা আৰোহীয়ে কেমেৰাত বন্দী কৰিলে এই দৃশ্য৷ পথৰ চলন্ত স্কুটীত চেণ্ডেলৰ কোবৰ দৰে বিৰল দৃশ্যৰ বহুতে ভিডিঅ’ কৰিলে৷ কিন্তু ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দৃশ্যটো দেখি বহুতে আকৌ কাঢ়িছে হমুনিয়াহ৷ তেওঁলোকৰ মতে এয়াই হৈছে সংসাৰৰ জ্বালা৷
যি প্ৰতিজন পুৰুষেই সহ্য কৰিব লাগিব৷ আন একাংশৰ মতে আকৌ ঘৰৰ কাজিয়া ঘৰতে শেষ কৰিব লাগে৷ ৰাস্তাৰ চলন্ত স্কুটীত চেণ্ডেলৰ কোব গ্ৰহণযোগ্য নহয়৷ কিন্তু বহুতো মহিলাই সমৰ্থন কৰিছে ঘটনাটোক৷ তেওঁলোকৰ মতে অবাধ্য স্বামীক য’তে-ত’তে আক্ৰমণ কৰাটো পত্নীৰ অধিকাৰ৷
কিন্তু ঘটনাটোৱে ছ’চিয়েল মিডিয়াত হাস্যৰসৰহে সৃষ্টি কৰিছে৷ বহুতে আমোদ পাইছে এইটো ঘটনাত৷ কিন্তু চেণ্ডেলৰ কোব খায়ো নিৰ্বিকাৰ হৈ থকা স্বামীহে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ পত্নীৰ পিটনৰ পিছতো ঠাণ্ডা মগজুৰে স্কুটী চলোৱা স্বামীক হাজবেণ্ড অৱ দ্য য়েৰৰো খিতাপ দিছে নেটিজেনে৷
বৰ্ষশ্ৰেষ্ঠ স্বামীৰ খিতাপ অৰ্জন…
