কলিতায়ো বিয়া পাতিবলৈ ছোৱালী পোৱা নাই

মন কৰিবচোন
উচ্চবৰ্ণৰ বুলি ফিতাহি মাৰি ফুৰা অসমীয়াই বিয়া কেতিয়াও সময়ত পাতিব নোৱাৰে৷ অসমত ৪০ বছৰ বয়সৰ পিছতো অবিবাহিত হৈ থকা বেছিভাগ পুৰুষেই ব্ৰাহ্মণ অথবা কলিতা৷ তেওঁলোকে নিজকে উচ্চবৰ্ণৰ বুলি ওস্তাদি মাৰে৷ কিন্তু উপযুক্ত সময়ত গোটাই ল’ব নোৱাৰে এজনী কইনা৷
আমি শেহতীয়াকৈ শোণিতপুৰ, নগাঁও, যোৰহাট আৰু বিশ্বনাথ জিলাক সামৰি এই বিষয়ে সমীক্ষা চলাইছিলোঁ৷ সেই সমীক্ষাত লাভ কৰা ফলাফল অনুসৰি কলিতা আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ ৫৩ শতাংশ পুৰুষে ৪০ বছৰলৈ বিয়া পাতিব পৰা নাই৷ পিছে কোচ, আহোম, মটক অথবা কৈৱৰ্ত যুৱকে উপযুক্ত বয়সত বিয়া পাতিছে৷ সংস্থাপন নাথাকিলেও জীৱনসংগী সঠিক সময়তে গোটাই লৈছে মটক বা কৈৱৰ্ত যুৱকে৷
কিন্তু কলিতা আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ যুৱকে বিয়া পাতিবলৈ হাবাথুৰি খাইছে৷ ব্ৰাহ্মণ যুৱকসকলে কইনা বিচাৰি নোপোৱাৰ বাবে বিয়া নপতা বুলি আমাৰ ওচৰত ব্যক্ত কৰিছে৷ ৪৪ বছৰ বয়সতো তেওঁলোকে বিচাৰিয়েই আছে একে সম্প্ৰদায়ৰ কইনা৷ কেবাজনেও আকৌ ৪৫ বছৰ বয়সত বিয়া পাতিবলৈ চিন্তা কৰিহে আছে৷ তেওঁলোকক লাগে ব্ৰাহ্মণ যুৱতী৷
চাৰিখন জিলাৰ বেছিভাগ কলিতা সম্প্ৰদায়ৰ যুৱকে উপযুক্ত সংস্থাপন নোপোৱাৰ বাবে বিয়া পতা নাই বুলি প্ৰকাশ কৰিছে৷ তেওঁলোকে বিয়া পাতিবলৈ বিচাৰিছে চাকৰি৷ অথবা ব্যৱসায়ত সফল হ’লেহে বিয়াৰ কথা ভাবিব বুলি কলিতা যুৱকসকলৰ বেছিভাগেই আমাৰ ওচৰত বৰ্ণনা কৰিছে৷
সেইসকলৰ ইতিমধ্যে বিয়াৰ বয়স উকলি গৈছে৷ কিন্তু নিজৰ বয়স ৪৫ হ’লেও তেওঁলোকে বিচাৰিছে ২২-২৩ বছৰীয়া কইনা৷ বি এ পাছ কৰা কুমলীয়া কইনাহে লাগে বুলি বেছিভাগ অবিবাহিত বয়সীয়াল যুৱকে আমাৰ সন্মুখত প্ৰকাশ কৰিছে৷ তেওঁলোকে প্ৰত্যাখ্যন কৰিছে ৩০ বছৰীয়া কইনা৷
পিছে কৈৱৰ্ত অথবা আন সম্প্ৰদায়ৰ যুৱকসকলে উপযুক্ত বয়সত বিয়া পাতিছে৷ তেওঁলোকে ছোৱালী বিচাৰি হাবাথুৰি খাই ফুৰা নাই৷ সহধৰ্মিনীক সংগী কৰি তেওঁলোকে সংসাৰ গঢ়িছে৷
উচ্চবৰ্ণৰ বুলি ফিতাহি মৰা অসমীয়া যুৱক বিয়া পতালৈ দুৰ্ঘোৰ মদাহীত পৰিণত হৈছে৷ এই সন্দৰ্ভত পৰৱৰ্তী প্ৰতিবেদনত আমি প্ৰকাশ কৰিম সমীক্ষাৰ তথ্য৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial