পূজাতহে আগ্ৰহ, যৌনতাত আগ্ৰহ নাই
পত্নীৰ সৈতে নকৰে সহবাস
গতিকে লাগে ডিভ’ৰ্চ
কেৱল পূজা কৰি থকা স্বামীৰ পৰা পত্নীয়ে বিচাৰিছে ডিভ’ৰ্চ৷ পত্নীৰ যৌন সুখৰ প্ৰতি গুৰুত্ব নিদিয়া স্বামীৰ বিৰুদ্ধে মহিলাগৰাকীয়ে আদালতত অভিযোগ দিছে৷
যৌন সম্পৰ্কৰ বাবে আগ্ৰহী মহিলাগৰাকীক সকাহ দিছে কেৰালা হাইক’ৰ্টে৷ তেওঁক পৰপুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে অনুমতি দিয়া হৈছে৷
অভিযোগকাৰী মহিলাগৰাকীয়ে যৌন সম্পৰ্ৰক গঢ়িবলৈ স্বামীয়ে ইচ্ছা নকৰাৰ বাবে ডিভ’ৰ্চৰ আবেদন কৰিছিল৷ মহিলাগৰাকীয়ে কৈছিল- তেওঁৰ স্বামী কেৱল ঈশ্বৰৰ উপাসনাতে ব্যস্ত হৈ থাকে৷ শাৰীৰিক ক্ষুধা পূৰণ কৰিবলৈ তেওঁ প্ৰায়ে স্বামীক অনুৰোধ কৰে৷ কিন্তু পত্নীৰ সৈতে সম্ভোগ কৰিবলৈ ইচ্ছাই নকৰে স্বামীয়ে৷ পত্নীৰ সৈতে অভিসাৰৰ সময়ত মন্দিৰলৈ স্বামী গুচি যায়৷
প্ৰতিনিশা শাৰীৰিকভাৱে তেওঁক সন্তুষ্ট কৰিবলৈ মহিলাগৰাকীয়ে স্বামীক অনুৰোধ কৰিছিল৷ যৌনতাৰ বাবে মহিলাগৰাকী ব্যাকুল হৈ পৰিছিল৷ কিন্তু তেওঁৰ আহ্বানৰ প্ৰতি গুৰুত্বই দিয়া নাছিল স্বামীয়ে৷
এই বিষয়ে অভিযোগ দিয়া মহিলাগৰাকীৰ ডিভ’ৰ্চৰ আবেদন নিম্ন আদালতে মঞ্জুৰ কৰিছিল৷ কিন্তু তাৰ পিছতো স্বামী কেৰালা হাইক’ৰ্টৰ দ্বাৰস্থ হ’ল৷
এই সন্দৰ্ভত আজি হাইক’ৰ্টত শুনানী অনুষ্ঠিত হয়৷ ন্যায়াধীশে শুনানীৰ পিছত কয় যে হিন্দু বিবাহ আইনৰ ১৩(১) নং দফা অনুসৰি প্ৰতিজন বিবাহিত পুৰুষে বিবাহৰ পিছত স্বামীৰ দায়িত্ব পালন কৰিব লাগিব৷ অৰ্থাৎ পত্নীৰ শাৰীৰিক প্ৰয়োজনো পূৰণ কৰিব লাগিব৷
যদি পত্নীক যৌনসুখ দিব নোৱাৰে তেন্তে বিবাহ বিচ্ছেদ উচিত বুলি প্ৰকাশ কৰে ন্যায়াধীশে৷ তদানুসৰি মহিলাগৰাকীৰ আবেদন হাইক’ৰ্টে মঞ্জুৰ কৰিছে৷ তেওঁক দিছে বিচ্ছেদৰ অনুমতি৷
স্বামীয়ে পূৰণ কৰিব নোৱাৰে যৌনক্ষুধা
