মাজনিশা অৰ্জুনৰ ফ্লেটত মালাইকাৰ কান্দোন

মোক কিয় প্ৰতাৰণা কৰিলা?
মোক কোৱা, ব্ৰেক-আপৰ কাৰণ কি?
মাজনিশা মৰম বিচাৰি যোৱা প্ৰাক্তন প্ৰেয়সীক ঘৰৰ পৰা খেদি দিলে এজন অভিনেতাই৷ মৰম-চেনেহেৰে উপচি থকা সম্পৰ্ক হঠাতে ছেদ কৰাৰ কাৰণ সুধিছিল প্ৰেমিকাই৷ তথাপি অকণো মৰম নালাগিল প্ৰেমিকৰ৷ তেওঁ ছিকিউৰিটী গাৰ্ডক কৈ ঘৰৰ পৰা উলিয়াইহে দিলে বিচ্ছেদিত প্ৰেয়সীক৷
অৱশ্যে ঘটনাটো অসমৰ নহয়, মুম্বাইৰহে৷ দুখতে আউলী-বাউলী হোৱা প্ৰেয়সী হৈছে মালাইকা আৰোৰা৷ তেওঁ কিছুবছৰ পূৰ্বে একমাত্ৰ প্ৰেমৰ বাবে শেষ কৰিছিল নিজৰ সংসাৰ৷ অৰ্জুন কাপুৰে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল মালাইকাক৷ সেয়ে স্বামী আৰবাজ খানৰ সৈতে ডিভ’ৰ্চ কৰিছিল মালাইকাই৷
কিন্তু অৰ্জুনে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে৷ পাঁচ বছৰীয়া সম্পৰ্ক ছেদ কৰি অৰ্জুনে ব্ৰেক-আপ কৰিলে৷ লিভিং টুগেদাৰ কৰা ফ্লেটৰ পৰা অৰ্জুনে খেদি পঠিয়াই দিলে মালাইকা আৰোৰাক৷ তেতিয়াৰ পৰা অস্থিৰ হৈ পৰিছে মালাইকা৷ সেয়ে তেওঁ উত্তৰ বিচাৰি অৰ্জুনৰ ঘৰত উপস্থিত হৈছিল৷
কিন্তু তেতিয়াও অৰ্জুনে একোৱেই নজনালে মালাইকা আৰোৰাক৷ প্ৰাক্তন প্ৰেয়সীয়ে অৰ্জুনক কেৱল সুধিছিল বিচ্ছেদৰ কাৰণ৷
সম্পৰ্কৰ সময়ত সকলো দিশে তেওঁ অৰ্জুনক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল৷ অৰ্জুনে বিচৰা সকলোবোৰেই দিছিল মালাইকাই৷ তথাপি কিয় হঠাতে ব্ৰেক-আপ কৰিলে সেইটো জানিবলৈ মাজনিশা উত্ৰাৱল হৈ পৰিছিল মালাইকা৷ কিন্তু এইবাৰো বিচ্ছেদিত প্ৰেয়সীৰ প্ৰতি অকণো মৰম নালাগিল অৰ্জুনৰ৷
এপাৰ্টমেণ্টৰ ছিকিউৰিটী গাৰ্ডৰ সহায়ত তেওঁ মালাইকাক ঘৰৰ পৰা উলিয়াই দিলে৷ গঁতিয়াই অৰ্জুনে বাহিৰ কৰা দিয়া মালাইকাই কেমেৰাৰ পৰা মুখ ঢাকি গুচি যাবলৈ বাধ্য হ’ল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial