তুমি কেনেকৈ ফিগাৰটো মেইনটেইন কৰিছা?

ৰমেন চন্দ্ৰ বৰঠাকুৰে মাইনা বুলি মাতে
ৰমেন বৰঠাকুৰে সোধে- মই দেখোন পৰা নাই
তুমি কেনেকৈ ইমান ধুনীয়াকৈ ফিগাৰটো মেইনটেইন কৰিছা
এইজন ৰমেন চন্দ্ৰ বৰঠাকুৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি৷ হওতে মানুহজনৰ স্থিতি নাই, কিন্তু টকা আছে৷
নিপোটল মানুহজন দেখাই-শুনায়ো ভালেই৷ আছে এখন সংসাৰো৷ কিন্তু ৰ’দত থ’লে লৰাৰ দৰে ৰমেন চন্দ্ৰৰ চৰিত্ৰ অকণ লৰিছে৷ সেয়ে অচিনাকী যুৱতীৰ সৈতে কথা পাতিয়েই পূৰ কৰিছে হাবিয়াস৷ কৈছে- মোক তোমাৰ ছাইজৰ কথা কোৱানা…
যুৱতীগৰাকীক ৰমেন চন্দ্ৰই চিনি নাপায়৷ তথাপি বিচাৰিছে সদ্যস্নাতা যুৱতীৰ এখন ফটো৷ ইউ আৰ ভেৰী বিউটীফুল বুলি কোনোবা মহিলাক প্ৰশংসাও কৰিছে ৰমেন বৰঠাকুৰে৷
মেচেঞ্জাৰ আলাপত ৰমেন বৰঠাকুৰে ফিতাহিও মাৰিছে- মই চাকৰি দিব পৰা মানুহ৷ আন নহ’লেও তৃণমূল কংগ্ৰেছত বিষয়বাব দিব বুলি ফোপজহী মাৰিছে ৰমেন বৰঠাকুৰে৷
তেওঁ সুধিছে- বিউটীফুল মহিলাবোৰৰ কিয় ডিভ’ৰ্চ হয়? অৱশ্যে অচিনাকী সুন্দৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে৷ কিন্তু ৰমেন চন্দ্ৰৰ বুকুত মৰকামোৰ মাৰি ফাদিল কৰি দিলে মেচেঞ্জাৰৰ গোপন বাৰ্তালাপ৷ ৰমেন চন্দ্ৰ লাহে লাহে প্ৰেমৰ গুলপীয়া ৰাগীৰে ৰঙীন হৈছিলহে, তেতিয়াই বুকুত কামুৰি দিলে গা ধোৱাৰ পিছতে ফটো উঠি বৃদ্ধ প্ৰেমিকলৈ পঠিওৱা যুৱতী৷
এই কথা ফাদিল হোৱাৰ পিছত কিন্তু অস্বীকাৰো কৰা নাই ৰমেন চন্দ্ৰই৷
Byte
একালত কংগ্ৰেছৰ নেতা ৰমেন এটা বিশেষ কাৰণত আপতো সোমাইছিল৷ তাৰ পিছতে তৃণমূললৈ দৌৰ মাৰিলে৷ তেওঁৰ কথাৰে বাতৰি পৰিৱেশন কৰিলেই ৰমেনে কে’ছ দিয়ে৷ এইবাৰ কিন্তু ৰমেন চন্দ্ৰৰ ৰক্ষা নাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial