জে’লত জিম কৰিবলৈয়ো পাইছিল চুমিয়ে


ছাকিৰা বৰা ওলাই আহিছে
ব্লেক লাভাৰ চুমি ওলাই আহিছে৷ কিন্তু এয়া কি, অতদিনে জে’লত থকাৰ পিছতো দেখোন চুমি বৰা পোটোকাই নপৰিল!
জে’লত সোমোৱাৰ পূৰ্বে মাহিলী ৫০ হাজাৰ টকা খৰচ কৰি পেটৰ চৰ্বী কাটিছিল চুমিয়ে৷ জিমধন্য সেই আটিল শৰীৰ জে’লতো একে থাকিল৷ চুমি ক্ষীণাই নগ’ল৷
চুলিখিনিও ষ্ট্ৰেইট হৈয়েই থাকিল৷ কিন্তু সৌন্দৰ্য বিশেষজ্ঞৰ মতে পাৰ্লাৰত ষ্ট্ৰেইট কৰা চুলিৰ আয়ুস মাত্ৰ তিনিমাহহে৷ ইয়াৰ পিছতে আকৌ হেয়াৰ ট্ৰীটমেণ্ট কৰিব লাগে৷ নহ’লে চুলিৰ স্মুথনেছ নোহোৱা হয়৷
কিন্তু ৮ মাহ জে’লত থকাৰ পিছতো চুমিৰ চুলি বেয়া নহ’ল৷ আন নালাগে, হেয়াৰ কালাৰো বেয়া নহ’ল৷ সোণোৱালী বৰণ ধৰা চুলিৰেই জে’লৰ পৰা ওলাল চুমি৷
আমি এইবোৰ বকলা মেলাৰ কাৰণ হৈছে- জে’লতো নিশ্চিতভাৱে চুমিয়ে লাভ কৰিছিল বিউটী পাৰ্লাৰৰ সুবিধা৷ অন্যথা ছাকিৰাৰ দৰে ওলাই অহাটো সম্ভৱ নাছিল৷
বিশেষ সূত্ৰই অৱশ্যে আমাক জনাইছে- প্ৰসাধনৰ উপৰি চুমিয়ে জে’লত পাইছিল জিমৰো সুবিধা৷ ব্ৰেণ্ডেড টি-ছাৰ্ট আৰু প্লাজ’ চুমিয়ে বিচৰামতেই যোগান ধৰা হৈছিল৷
টুপী আৰু মাস্কো চুমিক আগদিনাই দিয়া হৈছিল৷ তেওঁ জে’লত পাইছিল সাধাৰণ মানুহে নোপোৱা সকলো সুবিধা৷
জে’লৰ পৰা ওলোৱাৰ আগদিনা চুমিয়ে বিচাৰিছিল ৰেৱলনৰ নেইল পলিছ৷ সেইবোৰো তেওঁক আত্মীয়ই যোগাৰ ধৰিছিল৷ জে’লৰ ভিতৰত কেৱল ফটোশ্বুটহে কৰা নাছিল চুমি বৰাই৷ বাকী সকলো সুবিধা তেওঁ লাভ কৰিছিল৷ কিছুদিন আউটিং কৰাৰ দৰে চুমিয়ে ৮ মাহ জে’লত কটালে৷ এতিয়া চুমি মুক্ত বিহংগ৷
অৱশ্যে জে’লৰ পৰা ওলোৱাৰ পিছত চুমিৰ সংসাৰখন কি হয় ঠিক নাই৷ ধুন-পেচ মাৰি থাকিব পাৰিলেও চুমিৰ তাৰ্কিক বৰাৰ সৈতে সম্পৰ্কক লৈ ঘনিষ্ঠই সন্দেহ কৰিছে৷ অৱশ্যে ভায়েকক আকৌ মৰম কৰাৰেই সম্ভাৱনা বেছি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial