ইচ্ছা কৰিলে জে’লতো পাব ফাইভষ্টাৰ সুবিধা

এপালি চাধাত ৫০ টকা
মুৰ্গী মাংস ভাতত ৫০০ টকা, ৰান্ধি দিয়াজনকো খুৱাব লাগিব
অভিযোগ অনুসৰি অসমৰ সকলো কেন্দ্ৰীয় কাৰাগাৰত এয়াই নিৰ্ধাৰিত ৰেট৷ চুমি বৰা ছাকিৰাৰ দৰে ৰকষ্টাৰ হৈ ওলাই অহাৰ পিছত বহুতৰে চকু কঁপালত উঠিছে৷
কিন্তু আপুনি আছৰিত নহ’ব- জে’লত পইচা খৰচ কৰিলে সকলোৱে পাব পাৰে ৰাজকীয় সুবিধা৷ জে’লত থকা কয়দীক পৰিয়ালৰ লোকে লগ কৰিবলৈ গ’লেই পইচাৰ খেলা আৰম্ভ হয়৷ গে’টতে ছিকিউৰিটীক দিব লাগে পইচা৷
তাৰ পিছতো পইচাৰ খেল শেষ নহয়৷ তাত এপেকেট ১০ টকীয়া গুটখাৰ দাম ৫০ টকা৷ অভিযোগ মতে যদি আপুনি প্ৰহৰীক ৫০ টকা দিয়ে তেন্তে লগে লগে পাই যাব শিখৰৰ পেকেট৷
আপুনি জে’লত ঘৰৰ দৰে মাংস ভাতো খাব পাৰিব৷ কেৱল খৰচ কৰিব লাগিব ৫০০ টকা৷ আকৌ যি ৰান্ধি দিয়ে তেওঁকো মাংস ভাত খুৱাব লাগিব৷ চাধা খোৱাবোৰে ১০ টকাত এপালি চাধা কিনে৷ পূৰ্বে জে’লত থকা এজন কয়দীয়ে আমাক জনাইছে এই তথ্য৷
লগতে কিছু পুৰণি কাৰাবন্দীয়ে জে’লত হোটেল চলাই আছে৷ তেওঁলোকক ধনৰ বিনিময়ত প্ৰহৰীয়ে বজাৰ কৰি দিয়ে৷ সেইসকলে নিজা চেলত খাদ্য প্ৰস্তুত কৰি আন বন্দীক বিক্ৰী কৰে৷ ঘৰৰ পৰা অহা ধনেৰে বিল পৰিশোধ কৰে কয়দীয়ে৷
নাচ-গানৰ স্কুলো আছে জে’লত৷ যিবোৰত আছে AC৷ সেই স্কুলবোৰতে নাচ-গান শিকা বা শিকোৱাৰ উদ্দেশ্যে চেলিব্ৰিটী কয়দী সোমাই থাকেগৈ৷
গতিকে চুমি বৰাক দেখি আচৰিত নহ’ব৷ জে’লত থাকিলেও টকাৰ কাছে গোপাল নাছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial