আঘাতৰ বাবে দৌৰিবই পৰা নাই কেপ্টেইন ৰোহিত

ধনৰ লোভত দেশৰ স্বাৰ্থক অৱহেলা কৰিছে ৰোহিত শৰ্মাই৷ টীম ইণ্ডিয়াৰ অধিনায়কজন বৰ্তমান সুস্থ নহয়৷ কিন্তু ফ্ৰেন্সাইজীৰ পৰা কেবাকোটি টকা পোৱাৰ লোভত তেওঁ খেলি আছে৷ একমাত্ৰ আম্বানি পৰিয়ালক সুখী কৰিবলৈয়েই ৰোহিতে খেলি IPL৷ শাৰিৰীকভাৱে তেওঁ ক্ৰিকেট খেলিব পৰা অৱস্থাতে নাই৷ তথাপি মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিবলৈ তেওঁক বাধ্য কৰাইছে মালিক আম্বানি পৰিয়ালে৷
চেম্পিয়নছ ট্ৰফীৰ সময়তে ৰোহিত শৰ্মাই আঘাত পাইছিল৷ বৰ্তমান সেই আঘাতৰ পৰা ৰোহিত মুক্ত হোৱা নাই৷ সেয়ে তেওঁ IPLৰ বেছিভাগ মেচত ইমপেক্ট প্লেয়াৰ হিচাপেহে অংশগ্ৰহণ কৰিছে৷ ১৬ কোটি ৩০ লাখ টকা পোৱাৰ লোভত প্ৰতিখন মেচতে ৰোহিতে খেলি আছে৷ কিন্তু BCCIৰ নিয়ম অনুসৰি কোনো ক্ৰিকেটাৰে আঘাতজনিত সমস্যা থাকিলে মেচত অংশগ্ৰহণ কৰিব নোৱাৰে৷
এই নীতিৰ বাবে যশপ্ৰীত বুমৰাক IPLৰ প্ৰথমছোৱাত ব’ৰ্ডে খেলিবলৈ দিয়া নাছিল৷ আঘাতজনিত কাৰণত তেওঁক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত ৰখা হৈছিল৷ কিন্তু ৰোহিতে ধনৰ লোভত আঘাতৰ কথা লুকুৱাই ৰাখিছে৷ তেওঁক কেলিবলৈ বাধ্য কৰাইছে মুম্বাই ইণ্ডিয়ানছৰ মালিকে৷
কিন্তু IPL খেলিলেও ৰোহিতে অনাগত সময়ত দলক নেতৃত্ব দিব নোৱাৰিব৷ IPLৰ সমাপ্তিৰ পিছতে এদিনীয়া খেলিবলৈ টীম ইণ্ডিয়া ইংলেণ্ডলৈ যাব৷ সেইটো দলৰ নেতৃত্ব দিব লাগিব ৰোহিতে৷ কিন্তু যদি তেওঁ আঘাতমুক্ত নহয় তেন্তে দলৰ বাবে আন অধিনায়ক বাছনি কৰিব লাগিব৷
এই গোপন খবৰটো ফাদিল কৰিছে মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাহেলা জয়বৰ্ধনে৷ তেওঁ সদৰী কৰা মতে ৰোহিতে একমাত্ৰ ফ্ৰেন্সাইজীৰ স্বাৰ্থ পূৰণৰ বাবেহে ক্ৰিকেট খেলি থাকিবলগীয়া হৈছে৷ তেওঁ দৌৰি ৰান ল’বলৈয়ো পৰা নাই৷ ভৰিৰ আঘাতৰ বাবে অৱস্থা কাহিল হৈ পৰিছে ৰোহিত শৰ্মাৰ৷ তথাপি আম্বানি পৰিয়ালে ৰোহিতক IPL খেলিবলৈ বাধ্য কৰাইছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial